বুধবাৰে বিয়লি বিহাৰ বিধানসভাত আস্থাভোটৰ সন্মুখীন হʼব নীতিশ কুমাৰ নেতৃত্বাধীন মহা জোঁটবন্ধন চৰকাৰে। ইয়াৰ পূৰ্বে ৰাজ্যৰ বিজেপিবিৰোধী মিত্ৰজোঁটৰ সৰ্ববৃহৎ দল আৰজেডিৰ কেইবাজনো নেতাৰ ঘৰ আৰু কাৰ্যালয়ত চিবিআইয়ে তলাচী অভিযান চলায়। চাকৰিৰ আশ্বাস দি ভূমি দখলৰ গোচৰত এই অভিযান।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰ অনুসৰি বুধবাৰে লালুপ্ৰসাদৰ দলৰ ৰাজ্যসভাৰ সাংসদ আছফাক কৰিম, বিধান পৰিষদৰ সদস্য তথা দলৰ কোষাধ্যক্ষ সুনীল সিং আৰু বিধান পৰিষদৰ প্ৰাক্তন সদস্য সুবোধ ৰায়ৰ ঘৰত তালাচী চলোৱা হয়।
প্ৰসংগক্ৰমে মাটিৰ বিনিময়ত চৰকাৰী চাকৰিত হোৱা দুৰ্নীতিৰ সৈতে জড়িত এই গোচৰত জুলাই মাহত চিবিআইয়ে লালুৰ ঘনিষ্ঠ সহযোগী ভোলা যাদৱক গ্ৰেপ্তাৰ কৰে।
অৱশ্যে বিৰোধীয়ে চিবিআইৰ সক্ৰিয়তাক ‘ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত’ বুলি অভিহিত কৰিছে।
উল্লেখ্য, প্ৰথমখন ইউ পি এ চৰকাৰত (২০০৪-০৯) লালু যেতিয়া ৰেʼলমন্ত্ৰী আছিল, তেতিয়া ভূমিৰ বিনিময়ত বহু বিহাৰৰ যুৱকক ৰেʼলৱেত ‘গ্ৰুপ-ডি’ পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাত লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী আৰু তেওঁলোকৰ দুগৰাকী কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। যোৱা ২০ মে’ত এই ঘটনাৰ তদন্তত চিবিআইয়ে দিল্লীৰ পাটনাকে ধৰি দেশৰ মুঠ ১৫টা স্থানত তালাচী চলায়।