ত্ৰিপুৰাত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী কংগ্ৰেছৰ। অহা বছৰৰ আৰম্ভণিতে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। কংগ্ৰেছ নেতৃত্বকে ধৰি বিৰোধী দলৰ ওপৰত বিজেপিয়ে নিৰন্তৰ আক্ৰমণ চলাই থকাৰ অভিযোগ উত্থাপন কৰি আজি কংগ্ৰেছে তাৎক্ষণিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দাবী জনায়।
উল্লেখ্য, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তৃণমূলৰ পৰা কংগ্ৰেছলৈ পলায়ন কৰাৰ পিছত সুদীপ ৰায়বৰ্মনে কেইবাবাৰো আক্ৰমণৰ সন্মুখীন হৈছে। ইতিমধ্যে আগৰতলাৰ পৰা কংগ্ৰেছৰ টিকটত উপ-নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছে সুদীপ।
এসপ্তাহ পূৰ্বে তেওঁক পুনৰ আক্ৰমণ কৰা হৈছিল। আগৰতলাস্থিত ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যালয়টো বিজেপি কৰ্মীয়ে ভাঙি-ছিঙি পেলোৱাৰ অভিযোগ কংগ্ৰেছৰ। আজি AICC ত ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত নেতা অজয় কুমাৰে দাবী কৰে যে বিজেপিশাসিত ত্ৰিপুৰাত এতিয়া ‘ছুপাৰ জংঘলৰাজ’ চলি আছে। কংগ্ৰেছে সেয়েহে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। কাৰণ এনেদৰে বিৰোধী নেতাসকলৰ প্ৰাণ বিপন্ন কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি।
উল্লেখ্য, সুদীপ ৰায়বৰ্মনৰ পিতৃ সমীৰঞ্জন বৰ্মন আছিল ত্ৰিপুৰাৰ শেষৰজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হয় আৰু ১৯৯৩ চনত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সেই নিৰ্বাচনত ত্ৰিপুৰাত বামফ্ৰণ্ট ক্ষমতালৈ আহে। সমীৰঞ্জনৰ পুত্ৰ সুদীপে আজি নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে।
তেওঁৰ যুক্তি, “ত্ৰিপুৰাত বিজেপি ক্ষমতালৈ অহাৰ পিছত যোৱা ৫২ মাহত ৬০৪টা হত্যাকাণ্ড সংঘটিত হৈছে। গড়ে প্ৰতিমাহে ১১তকৈ অধিক। ৰাজনৈতিক কাম কৰাৰ স্বাধীনতা নাই। মোক সাতবাৰ আক্ৰমণ কৰা হৈছে। মই আজি দিল্লীত আছো। কাইলৈ ত্ৰিপুৰালৈ উভতি অহাৰ পিছত মই জীয়াই থাকিমনে নাই সেয়াও নাজানো।”