ASSAM TIMES POST
নতুন দিল্লীঃ শুকুৰবাৰে পুঁৱতি নিশা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গৰাকীবিহীন এটা বেগত আৰডিএক্স উদ্ধাৰ হোৱাক লৈ সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে নিশা ১ বজাত বিমানবন্দৰটোত চিআইএছএফৰ এজন কনিষ্ঠবলে এটা ক’লা ৰঙৰ ট্ৰলী বেগ প্ৰত্যক্ষ কৰে।

লগে লগে বেগটো পৰীক্ষা কৰাত বেগটোৰ ভিতৰত যে আৰডিএক্স আছে, সেয়া নিশ্চিত হোৱা যায়। ইয়াৰ পাছত কুকুৰৰদ্বাৰা পৰীক্ষা কৰোতেও বিস্ফোৰক থকাৰ কথা প্ৰমাণিত হয়। সেই সময়তে ঘটনাস্থলীত উপস্থিত হয়হি বোমা চিনাক্তকৰণ আৰু নিষ্ক্ৰিয়কৰণ স্কোৱাড। স্কোৱাডে নিশা ১.৩১ বজাত বেগটোৰ এক্স-ৰে চিত্ৰ লয় আৰু নিশা ২.৫৫ বজাত আৰডিএক্সটো নিষ্ক্ৰিয় কৰে। ইয়াৰ পিছতে গুৰুত্বপূৰ্ণ বিমানবন্দৰটোত ব্যাপক তালাচী অভিযান চলোৱা হয়।












