![]()
বহু লোকে কোভিডক পৰাস্ত কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে। কিন্তু বহু ক্ষেত্ৰত দেখা যায়, কোভিডৰ পৰা মুক্তি পোৱাৰ পিছতো শৰীৰত বিভিন্ন লক্ষণ ৰৈ যায়। ‘মগজুৰ কুঁৱলী’ বা ‘ব্ৰেন ফ্ৰগ’ তেনেকুৱা এটা সমস্যা।
‘মগজুৰ কুঁৱলী’ শব্দটো প্ৰকৃততে বৈজ্ঞানিক শব্দ নহয়। সাধাৰণতে এই সমস্যা থকা ৰোগীয়ে নিজৰ শাৰীৰিক অৱস্থা বুজাবলৈ এই শব্দটো কয়। হঠাৎ চিন্তিত হোৱা, মনোযোগ নিদিয়া, স্মৃতি লোপ পোৱা আদি বিভিন্ন সমস্যাৰ লক্ষণসমূহ ইয়াৰ ভিতৰত আছে বুলি ভবা হয়। আনকি বহুতৰে কথা কʼবলৈও অসুবিধা হয়। কথা কৈ থাকোতেও কথা কʼব নোৱাৰাৰ সমস্যা বহু ক্ষেত্ৰত উদ্ভৱ হʼব পাৰে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত কোৱা হৈছে যে কোভিডৰ পিছতো কিছুমান ৰোগীৰ ৬ৰ পৰা ৯ মাহলৈকে এই লক্ষণ দেখা দিব পাৰে।
এই পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিব পাৰি?
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীৰ এটা দলে দিছে ইয়াৰ উত্তৰ।
মগজুৰ খেল : কিছুমান খেল আছে যিবোৰ মগজুৰ ব্যায়ামৰ বাবে উপযোগী। শব্দৰ খেল, কিছুমান কাৰ্ড গেম বা দবাৰ দৰে বোৰ্ড গেম ভাল মূৰৰ ব্যায়াম। এই সময়ছোৱাত টেলিভিছন চোৱা বা আন কোনো ধৰণে সময় কটালে নহয়। এই ধৰণৰ মগজুৰ ব্যায়ামৰ খেল যদি প্ৰতিদিনে কিছু সময় খেলা হয় তেন্তে ই মনৰ ভাগৰ কমাব পাৰে।
উচ্চস্বৰে যি শুনিছে তাকে কোৱা : প্ৰথম কথা-বতৰাত যদি আপুনি এজন ব্যক্তিৰ নাম কেইবাবাৰো কয়, তেন্তে সেই নামটো আপোনাৰ মগজুত শিপাই যাব। গতিকে উচ্চস্বৰে যি শুনিছে তাক পুনৰাবৃত্তি কৰক। ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পাব।
টুকুৰা টুকুৰকৈ শুনা কথাবোৰ মনত ৰাখিব : যেতিয়া আপুনি এটা ফোন নম্বৰ টুকুৰা টুকুৰকৈ মুখস্থ কৰে, তেতিয়া ই মনত থাকি যায়। একেদৰে আপুনি যি শুনিছে তাক কিছু অংশত মনত ৰাখিবলৈ চেষ্টা কৰক।
বাওঁহাতেৰে কাম কৰিবলৈ চেষ্টা কৰক : যদি আমি হঠাতে বাওঁহাতেৰে কাম কৰিবলৈ আৰম্ভ কৰো, যিটো আমি সোঁহাতেৰে দৈনিক কৰো, তেতিয়া মগজুত অধিক হেঁচা পৰিব। মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিৰ বাবেও এই কৌশল অতি উপকাৰী।
মানসিক চাপ কমাব : এতিয়া সকলোৰে ফোনত অহৰহ বিভিন্ন নোটিফিকেচন আহি থাকে। মেছেজ বা ই-মেইল আহে, তাৰ বাহিৰেও বিভিন্ন এপৰ পৰা বিভিন্ন নোটিফিকেচন আহে। ই মগজুক ভাগৰুৱা কৰি তোলে। এই অৱস্থাৰ পৰা মুক্তি পাবলৈ কিছু সময় দৈনিক ধ্যান কৰিব লাগে।












