ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি কালচাৰেল চচাইটিৰ উদ্যোগত কাৰবি সকলৰ হেনউপ আহি কিবি উৎসৱ

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2019
Reading Time: 2 mins read
A A
0
কাৰবি কালচাৰেল চচাইটিৰ উদ্যোগত কাৰবি সকলৰ হেনউপ আহি কিবি উৎসৱ

  logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

 জয়ছিং টকবি

“Chu pirbi thaviri mahu arani
Ser ahen-up ahi kan pinchong pinthi Iru Sar Longki aranisi
Bang nang pinchong pinthi
Songsar aserli ajang bang suri
Amen Sar Hubi si bang Samphri kiri-ri
Tang hovangso hangri pu Sopirbi ahi
Ne chelo dun langti.

(“পৃথিৱীৰ সেই আদিম অৱস্থাতে
কোনটো যুগত আৰম্ভ হৈছিল

হেন-উপ আহী কিবি উৎসৱটো?
ছাৰ লংকিৰ দিনতে
এই উৎসৱটো উদযাপন কৰা হৈছিল
সংসাৰ ৰেচ’ৰ পুত্ৰ নাম তেওঁৰ হুবি
সূর্যৰ পোহৰ বিচাৰি
ময়ো যাম তেওঁৰ পাছে পাছে”)।

কাৰবি সকলৰ সমৃদ্ধিশালী লোককৃষ্টিৰ অন্যতম এটা হৈছে হেন-উপ আহি কিবি উৎসৱ। কাৰবি সকলৰ উন্নত খাদ্য সংস্কৃতিৰ ফ্রীজিং ব্যৱস্থা বা ফ্রীজত ৰখা ব্যৱস্থা সেই আদিম যুগতে কোনো কাৰবি মনিষীয়ে আৰম্ভ কৰি থৈ গৈছিল। প্রকৃতিৰ সন্তান কাৰবি সকলে সেই তাহানিৰে পৰা হাবি বননিৰ পৰা নিৰ্ভেজাল শাক তৰকাৰী সংগ্ৰহ কৰি অহাৰ পৰম্পৰা এতিয়াও জীপাল কৰি ৰাখিছে। বাঁহগাজ পৈনত হোৱাৰ সময়ত সেইবোৰ সংগ্ৰহ কৰি মিহি মিহিকৈ কুটি আকৌ উড়লত খুন্দি তাক “আহি” বা চাঙত আধা পোৰা গাহৰি মাংসৰ সৈতে ৰাখি থৈ কৃষি চপোৱা উৎসৱ “হাচ্ছা কেকান”ৰ সময়ত সেয়া সমূহীয়া ভাৱে পৰিৱেশন কৰা হয়। হাচ্ছা কেকান উৎসৱ আগতে কোনো নিৰ্দিষ্ট কৰা দিনত উদযাপন কৰা হোৱা নাছিল যদিও এ এচ ডি চিৰ শাসনৰ আমোলত কাৰবি প্ৰতিটো থলুৱা জনগোষ্ঠীৰ জাতীয় উৎসৱৰ বাবে চৰকাৰী বন্ধ দি স্বীকৃতি প্ৰদান কৰাৰয় দৰে হাচ্ছা কেকান উৎসৱক প্ৰতি বছৰে ১৩ জানুৱাৰীৰ দিনটোতে এতিয়া উদযাপন কৰি আহিছে।

WhatsApp Image 2019 10 31 at 8.58.44 PM 1 e1572539046741 | ASSAM TIMES POST

এসময়ত প্ৰতি বছৰে গাৱে গাৱে উদযাপন কৰা এই গুৰুত্বপূৰ্ণ উৎসৱটো জীপাল কৰি ৰাখিবৰ বাবে কাৰবি কালচাৰেল চচাইটিৰ উদ্যোগত দ্বিতীয় হেন-উপ আহি কিবি উৎসৱটো উদযাপন কৰা হয়। কাৰবি কালচাৰেল চচাইটিৰ কেন্দ্ৰীয় সমিতিৰ কেবাগৰাকী সদস্য আৰু লোকশিল্পী ৰেণছিং ইংতিৰ নেতৃত্বত আপোন লোককৃষ্টি সংস্কৃতিৰ প্রতি ভালপোৱা থকা কাৰবি নবীন প্ৰজন্মৰ যুৱক-যুৱতী সকলে সিংহাসন পাহাৰৰ প্রাণপ্রী লাংছ’ গাঁওৰ গাঁওবুঢ়া, দিছবাই গাৱৰ চৰকাৰী গাঁওবুঢ়া দৰছিং তেৰাং সহিতে সমূহীয়া দলে সিংহাসন-খনবামন পাহাৰৰ ভিতৰুৱা অঞ্চলৰ পৰা কাকবাহঁৰ খৰিছা সংগ্ৰহ কৰি আনে। এই দলটোত কাৰবি পৰম্পৰাগত লোকসংগীত নৃত্য স্কুলৰ ছাত্ৰ ছাত্ৰী, কে চি এছৰ ডোমৰা আঞ্চলিকৰ যুৱক যুৱতী, তাৰালাংছ’ য়ুথ কমিটি, কে চি এছ প্রাণপ্রী লাংছ’ গোট, কে চি এছ লাংক্লাংৱং গোট, কে চি এছ ছুমছি (লংনিট) গোটৰ যুৱক যুৱতী সকলে সিংহাসন পাহাৰৰ প্রাণপ্রী লাংছ’, লংচৰ লাংছ’ খনবামন পাহাৰ আৰু বৰজান আমাং আদি পাহাৰীয়া অঞ্চলৰ পৰা বাহঁৰ খৰিছা সংগ্ৰহ কৰি লৈ আনে।

WhatsApp Image 2019 10 31 at 8.58.46 PM e1572538885921 | ASSAM TIMES POST

লুঞ্চেপ’ (গায়ক) ৰেণছিং ইংতিয়ে সংসাৰ ৰেচ’ (সৃষ্টিকৰ্তা) আৰু তেওঁৰ পুত্ৰক উদেশ্যি হেন- উপ আহি কেপ্লাং গীতেৰে (বাহঁ সৃষ্টিৰ গীত) শ্রদ্বাঞ্জলী নিবেদন কৰি গীতজুৰে। ইয়াৰ পিচত লুঞ্চেপ’ৰ পৰা নির্দেশ লাভ কৰি যুৱক যুৱতী সকলে ৫১ হাক (হোৰা) হেন-উপ (খৰিছা) সংগ্ৰহ কৰি তাৰালাংছ’ কাৰবি সাংস্কৃতিক প্ৰকল্পলৈ কঢ়িয়াই লৈ আনে। ইয়াৰ পাছত যুৱক যুৱতী সকলে খৰিছাবোৰ মিহি মিহিকৈ কুটি উড়লত খুন্দি আহী বা ছাঙত আধা পোৰা গাহৰি মাংসৰ সৈতে খৰিছাবোৰ ৰখা হয়।ইয়াতো লুঞ্চেপ’ ৰেণছিং ইংতিয়ে হেন-উপ আহী উৎপত্তি বিষয়ক গীত জুৰি যায়।

WhatsApp Image 2019 10 31 at 9.09.03 PM e1572539246483 | ASSAM TIMES POST

হেন-উপ আহী কিবি উৎসৱৰ বাবে কাৰবি কালচাৰেল চচাইটিৰ দ্বাৰা দায়িত্ব অৰ্পণ কৰা কেন্দ্ৰীয় সমিতিৰ সদস্য প্রতাপ ইংলেং, ছাৰছিং ইংতি, হাৰছিং ৰংহাঙৰ ওপৰিও সভাপতি চন্দ্ৰছিং ক্র, সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপি, ডানিয়েল বে, ৰাংকুমাৰ টেৰণ, সুৰেণ হাঞ্চে, সুনীল টকবি আদি সদস্য সকলৰ লগতে তাৰালাংছ’ গাৱৰ মুনিহ তিৰোতা সকলে উপস্থিত থাকি হেন-উপ আহী কিবি উৎসৱ সাফল্য মণ্ডিত কৰি তোলে।

Tags: Featured
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx