কাৰবি আংলং আৰু ডিমা হাছাওকে ধৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণেৰে অসমৰ ভিতৰতে এখন স্বায়ত্তৰাজ্যৰ প্ৰদান কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে ৷
আজি কাৰবি আংলং আৰু উত্তৰ কাছাৰ জিলা ষ্টেট ডিমাণ্ড কমিটি চমুকৈ কাঞ্ছাছডিকম, কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএ, গোৰ্খা ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থাকে ধৰি ৮টাকৈ সংগঠনে আজি পুৱা ১১ বজাৰ তিনি বজালৈকে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰুপায়ণ কৰে ৷ কাঞ্চাছডিকমৰ সভাপতি অজিত তিমুঙৰ নেতৃত্বত ৮টাকৈ সংগঠনৰ ৩ শতাধিক সদস্যই স্বায়ত্ত ৰাজ্যৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড প্ৰদৰ্শন কৰি ন, ষ্টেট, ন ৰেষ্ট, আমাৰ দাবী পূৰণ কৰক আদি ধ্বনিৰে যন্তৰ মন্তৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ কেএছএৰ সভাপতি থাংছিং তিমুঙে কয় যে, কংগ্ৰেছ বিজেপিকে আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দল সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণৰ নামত কাৰবি আংলং আৰু ডিমাহাছাওৰ ৰাইজক প্ৰৱঞ্চনা কৰি আহিছে ৷
স্বায়ত্তৰাজ্য আন্দোলনৰ দাবীত বিগত চল্লিছ বছৰৰ পৰা দুয়োখন পাৰ্বত্য জিলাৰ ৰাইজে বহুতো বলিদান দিয়ো চৰকাৰৰ পৰা সঁহাৰি নোপোৱাটো দুৰ্ভাগ্যজনক ৷ আনহাতে ডিমাছা ছাত্ৰ সন্থা চমুকৈ ডিএছইউৰ সাধাৰণ সম্পাদক প্ৰমিথ ছংইয়ুঙে সামবাদিকৰ সৈতে বাৰ্তালাপত কয়যে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়ে কাৰবি আংলং আৰু ডিমা হাছাও ৰাইজে স্বায়ত্তৰাজ্য দাবী আন্দোলন চলাই আহিছে ৷ সংসদত দুই পাৰ্বত্যজিলাক সাঙুৰি স্বায়ত্তৰাজ্য প্ৰদান সন্দৰ্ভত বিল উত্থাপন কৰাৰ বাবে দাবী জনায় ৷
আনহাতে আজি কাঞ্চাছডিকমকে ধৰি ৮ টাকৈ সংগঠনে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত স্বায়ত্তৰাজ্যৰ দাবীত এক য্মাৰক পত্ৰ অৰ্পণ কৰিব বুলি জনায় ৷ আনহাতে বিয়লিৰ ভাগত তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ পোনে পোনে দিল্লীৰ পৰা যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰী সকলক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত প্ৰতিবাকাৰী নেতা সকলকে ২৪৪ (ক) ৰূপায়ণৰ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ সাংসদ হৰেণছিং বে’ৰ জৰিয়তে ভাৰতৰ গৃহ মন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে’ই কয় যে, ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) দুই পাহাৰীয়া জিলাৰ সাংবিধানিক অধিকাৰ ৷ উক্ত দাবীলৈ জিলাখনৰ ৰাইজে দীৰ্ঘদিন আন্দোলন কৰি আহিছে ৷ ইয়াৰ সৎ ৰূপায়ণ কৰাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় উদ্যোগ লব ৷ অহা সংসদৰ অধিৱেশনত আলোচনা-পৰ্যালোচনা কৰাৰ পিছত ২৪৪(ক) ৰূপায়ণকলৈ বিল উত্থাপন কৰাৰ বাবে বিবেচনা কৰা হব ৷
ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলক উদ্দেশ্য কৰি ক্ৰমে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ , ডিএছইউৰ সভাপতি ধিৰাজ ডিফুচা, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ছেত্ৰী, বিজেপিৰ নেতা বিদ্যা ৰংপিয়েও প্ৰতিবাদকাৰীসকলক উদ্দেশ্য সাৰুৱা ভাষণ প্ৰদান কৰে৷