যোৱা নিশা ডিফু ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা তিনি কাৰাবন্দী পলায়ন কৰাৰ এক বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্তখবৰ অনুসৰি যোৱা নিশা জিলা কাৰাগাৰৰ পাঁচজন কাৰাবন্দীক ক’ভিড পজিটিব হোৱাৰ বাবে কাৰাগাৰৰে এক আছুতীয়া কোঠাত কোৱাৰেণ্টাইন কৰি ৰখা হয় ৷ তাৰ পৰাই নিশা কোঠাটোৰ খিৰিকিৰ গ্ৰীল ভাঙি তিনিজন কাৰাবন্দী পলাই যায় বুলি জানিব পৰা গৈছে ৷
অৱশ্যে বাউণ্ডেৰী ৱাল কেনেদৰে পাৰ হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷ পলায়ন কৰা কাৰাবন্দীকেইটা ক্ৰমে, ইদ্দিছ আলী, আজমেৰ আলী আৰু আইনুল আলী দুয়ো এন ডি পি এছ গোচৰত জৰিত ৷ লগতে আজমেৰ আলি বোকাজানৰ ৷ এই চুৰি গোচৰত জৰিত বুলি জানিব পৰা গৈছে ৷ কাৰাবন্দী কেইটাক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে৷