বৰহবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই সক্ৰিয়হৈ পৰিছে ড্ৰাগছ মাফিয়া সকল ৷নিতৌ ন , ন কৌশল অৱলম্বন কৰি বৰবিহ সদৃশ ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷
কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ শেন দৃষ্টি নিৱদ্ধ হৈ থকাৰ বাবে প্ৰতিবাৰ বিফল হৈছে সৰবৰাহকাৰী ৷ আজি পুৱা প্ৰায় ৬ বজাত ডিলাই তিনি আলিত বোকাজান এছডিপিঅ জন দাসৰ নেতৃত্বত চলিছিল তালাচী অভিযান ৷
অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী লগতে আটক কৰা হৈছে চিনিটা মণিপুৰী ড্ৰাগছ সৰবৰাহকাৰী ৷ উক্ত অভিযানত সহযোগ কৰিছল ডিলাই থানাৰ অ’চি, থানা ষ্টাফ, চি ২০ চিআৰপি এফ আৰু এপিআৰজি ষ্টাফে সহযোগ কৰিছিল ৷
বাহনখনৰ সন্মুখৰ ফালে NHIDCL ষ্টীকাৰত ‘ On Duty Tul Govt of Sikkim Enterprise ” বুলি লিখা আছিল ৷বাহনখন পুংখানুপুংখভাৱে তালাচী চলাই উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী ৷
নিচাযুক্ত সামগ্ৰী সমূহ ক্ৰমে, ৩৮৩ গ্ৰাম হেৰ’ইন ‘ডাবল ইউ অ’ গ্ল’ব’ হিচাপে চিহ্নিত কৰা হৈছে আৰু এই সামগ্ৰী সমূহ চীনদেশত ‘ ১০০ শতাংশ বিশুদ্ধ’ বুলি উল্লেখ কৰা হৈছে। এই নিচাযুক্ত সামগ্ৰী সমূহ গ’ল্ডেন ট্ৰাই এংগলত LF হেৰ’ইনৰ বিশুদ্ধতম ৰূপ হিছাপে বিখ্যাত ৷
গাড়ীখনৰ গ্ল’ভছ বক্সৰ ভিতৰত লুকুৱাই ৰখা হৈছিল নিচাযুক্ত সামগ্ৰী সমূহ ৷বাহনখনৰ ক্ৰমে, গিয়েৰ বক্সত লুকুৱাই থোৱা ১ কেজি মৰ্ফিন। ২ কেজি ক্রিষ্টাল @ মেথ @ ছায়াবু।
নিচাযুক্ত সামগ্ৰী সমূহৰ লগত জৰিত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷সৰবৰাহকাৰী কেইটা মণিপুৰৰ বাসিন্দা ক্ৰমে,ৰাজেশ লাকান্দ্ৰী (৩৭)কুমাৰ গাজিমেৰ(৩৮)টাংগামবৌ মৰিয়ানমাই (৪৮)৷হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হব বুলি জানিব পৰা গৈছে ৷