দুই পাৰ্বত্য জিলা ক্ৰমে, কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙত গুণগত শিক্ষা প্ৰসাৰৰ বাবে আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত পৰিষদৰ নতুন সচিবালয় সভা কক্ষত সজাগতা অভিযান কাৰ্যসূচী আৰম্ভ হয় ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে, দুয়োখন পাৰব্যত্য জিলাত গুণগত শিক্ষাৰ লগতে আগন্তুক ৫ বছৰত শৈক্ষিক মানদণ্ড উন্ন কৰাৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত সজাগতা অভিযান আৰম্ভ কৰা হৈছে ৷
আজিৰ সজাগতা অভিযানত শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিতিত তেওঁলোকৰ গঠনমূলক মতামত গ্ৰহণ কৰা হয় ৷ অনাগত দিনত দল-সংগঠন আৰু শিক্ষা বিভাগৰ গঠিত প্ৰতিনিধিৰ দলে বিভিন্ন বিদ্যালয়লৈ গৈ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে গুণগত শিক্ষা সন্দৰ্ভত মত বিনিময় কৰিব বুলি জানিবলৈ দিয়ে৷ উক্ত সভাত পৰিষদৰ বহু কেইগৰাকী কাৰ্যনিৰ্বাহক সদস্য আৰু সদস্য উপস্থিত থাকে ৷