ASSAM TIMES POST
নতুন দিল্লীঃ মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ভাৰতীয় জনতা পাৰ্টিৰ নেতায়ে। বৃহস্পতিবাৰে গেৰুৱা দলটোৱে এই কথা প্ৰকাশ কৰিছে। শিৱ সেনাক মুখ্যমন্ত্ৰীৰ গাদী এৰি নিদিলেও, মিত্ৰ দলটোক সন্তুষ্ট কৰিবলৈ বিজেপিয়ে অকণো ক্ৰটি কৰা নাই।
সেই অনুসৰি, পূৰ্বৰ তুলনাত মন্ত্ৰীসভাত অধিক শিৱ সেনাৰ বিধায়কক স্থান দিব বিজেপিয়ে। অৱশ্যে গৃহ আৰু নগৰ উন্নয়ন বিভাগ দুটাও বিজেপিয়ে শিৱ সেনাক এৰি নিদেয়ে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে দেৱেন্দ্ৰ ফান্দাবিছ নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰখনত শিৱ সেনাৰ ১২ গৰাকী মন্ত্ৰী আছিল।
আগন্তুক চৰকাৰখনত এই সংখ্যা ১৪ লৈ বৃদ্ধি কৰিব বুলি বিজেপিয়ে শিৱ সেনাক নিশ্চিতি প্ৰদান কৰিছে। তদুপৰি উপ মুখ্যমন্ত্ৰীৰ আসনখন বিজেপিয়ে শিৱ সেনাকে এৰি দিব। ইয়াৰ জৰিয়তে বিজেপিয়ে শিৱ সেনাই আগবঢ়োৱা ৫০ঃ৫০ ফৰ্মূলা মষিমূৰ কৰিবলৈ আগবাঢ়িছে। ইফালে বুধবাৰে বিজেপিয়ে দেৱেন্দ্ৰ ফান্দাবিছক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে।












