ASSAM TIMES POST
নতুন দিল্লীঃ সম্প্ৰতি কাৰাগাৰত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক চুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱাটো জৰুৰী হৈ পৰিছে। চিদাম্বৰমৰ এটা ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি, কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে। সেয়ে তেওঁক চুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱাটো অতি জৰুৰী।
উল্লেখযোগ্য যে সোমবাৰে পুৱাৰ ভাগত চিদাম্বৰমক আৰএমএল হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু বিয়লিলৈ এইমছলৈ স্থানান্তৰিত কৰা গৈছিল যদিও সেইদিনা নিশাই পুনৰ কাৰাগাৰলৈ অনা হয়। ইফালে চিদাম্বৰমৰ অধিবক্তা কপিল ছিবালে জনোৱা অনুসৰি, তিহাৰ কাৰাগাৰত থাকি চিদাম্বৰমৰ ওজন ৬৮ কিগ্ৰালৈ হ্ৰাস পাইছে। পূৰ্বে, তেওঁৰ দেহৰ ওজন আছিল ৭৩ কিগ্ৰা।












