![]()
অধিবেশনৰ সময়ত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ১৯ জন সাংসদক।
গ্ৰীষ্মকালীন অধিবেশনত মংগলবাৰে নিলম্বিত হোৱা সাংসদসকলৰ তালিকাত আছে ৭ জন তৃণমূলৰ সদস্য ক্ৰমে দোলা সেন, সুস্মিতা দেৱ, মৌচম বেনজিৰ নূৰ, শান্তনু সেন, অবিৰঞ্জন বিশ্বাস, নাদিমুল হক আৰু শান্তা ছেত্ৰী। নিলম্বিত সাংসদসকলৰ ভিতৰত কানিমোঝীকে ধৰি ডি এম কেৰ ৬ জন, তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৩ জন, চি পি এমৰ ২ জন আৰু চি পি আইৰ এজন আছে।
মূল্যবৃদ্ধি, খাদ্য সামগ্ৰীৰ জিএছটি আৰু গুজৰাটত মৃতকৰ সংখ্যা সন্দৰ্ভত আলোচনাৰ দাবীত মঙলবাৰে ৰাজ্যসভা আৰু লোকসভাত তীব্ৰ হুলস্থুল কৰে বিৰোধীয়ে। বাৰম্বাৰ প্ৰতিবাদৰ বাবে দুয়োটা সদন ২ বজালৈ স্থগিত ৰখা হয়। উল্লেখ্য, বিগত বৰ্ষতো বৰ্ষাকালীন অধিবেশনৰ সময়ত অধিবেশনৰ কাম-কাজত ব্যাঘাত জন্মাত নিলম্বন কৰা হৈছিল ডোলা, মৌচমকে ধৰি ৬ গৰাকী তৃণমূলৰ সাংসদক।
কিন্তু সেই নিলম্বন আছিল এদিনৰ বাবে। উল্লেখ্য, অধ্যক্ষ ওম বিৰলাই সোমবাৰে লোকসভাৰ পৰা কংগ্ৰেছৰ চাৰিজন সাংসদক প্ৰতিবাদৰ অপৰাধত নিলম্বন কৰে। সোমবাৰে এই সিদ্ধান্ত ঘোষণা কৰি তেওঁ কয় যে চলিত অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে এই নিলম্বন কৰা হৈছে।
সংসদ চৌহদত গান্ধী প্ৰতিমূৰ্তিৰ তলত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰাৰ পিছত নিলম্বিত হোৱা চাৰিজন কংগ্ৰেছ সাংসদ হ’ল তামিলনাডুৰ মনিকাম ঠাকুৰ (বিৰুধনগৰ) আৰু জ্যোতিমণি চেনিমলাই আৰু কেৰেলাৰ টিএন প্ৰতাপন (থ্ৰিছুৰ) আৰু ৰম্য হৰিদাস (কোজিকোৰে)। উল্লেখ্য, সংসদৰ বৰ্তমানৰ বৰ্ষাকালীন অধিবেশন ১২ আগষ্টলৈকে চলিব।












