![]()
দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দ্ৰৌপদী মুৰ্মুক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ টুইটাৰত লিখিছে, ‘ভাৰতত ইতিহাস ৰচনা হ’ল।
১৩ কোটি ভাৰতীয়ই আজাদী কা অমৃতা মহোৎসৱ উদযাপন কৰাৰ সময়তে পূব ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মহিলা দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। এই জয়ৰ বাবে তেওঁক বহুত অভিনন্দন।”
উল্লেখ্য, আঠখন ৰাজ্য আৰু আঠখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভোট গণনা বাকী থকাৰ সময়তে দ্ৰৌপদীয়ে ৰাইচিনাৰ দখল লাভ কৰে। বিজয়ৰ পিছত অভিনন্দন টুইট কৰাৰ উপৰি প্ৰধানমন্ত্ৰীয়ে দ্ৰৌপদীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰে। ধাৰাবাহিকভাৱে কৰা টুইটত মোদীয়ে লিখিছে, ‘শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজীৰ জীৱন, তেওঁৰ সংগ্ৰাম আৰু সাফল্যই প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে।
তেওঁ দেশৰ নাগৰিক বিশেষকৈ দৰিদ্ৰ, প্ৰান্তীয় আৰু অভাৱগ্ৰস্তসকলৰ বাবে আশাৰ ৰেঙনি।’ পৰৱৰ্তী টুইটত তেওঁ লিখিছে, “শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজী আছিল এগৰাকী অসাধাৰণ বিধায়ক আৰু মন্ত্ৰী। ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও তেওঁ মহান কাম কৰিছিল। মই নিশ্চিত, তেওঁ ৰাষ্ট্ৰপতি হিচাপেও ভাল কাম কৰিব।
সন্মুখৰ পৰা তেওঁ নেতৃত্ব প্ৰদান কৰিব। তেওঁ ভাৰতৰ উন্নয়ন যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব।” শেষৰটো টুইটত প্ৰধানমন্ত্ৰীয়ে দ্ৰৌপদীক দেশৰ ৰাষ্ট্ৰপতি হিচাপে ভোট দিয়া সাংসদ-বিধায়কসকলক ধন্যবাদ জনাইছে। তেওঁ লিখিছে, “দ্ৰৌপদীৰ বিজয় আমাৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।”
উল্লেখ্য, ৰাষ্ট্ৰপতি হিচাপে জয়ী হʼবলৈ প্ৰয়োজন হোৱা ভোটৰ সংখ্যা আছিল ৫,৪০,৯৯৬। তৃতীয় ৰাউণ্ডৰ গণনাৰ অন্তত দ্ৰৌপদীয়ে লাভ কৰে ৫,৭৭,৭৭৭ টা ভোট। আনহাতে, বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই লাভ কৰে ২,৬১,০৬২টা ভোট।
বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত অন্ত পৰিব। ইয়াৰ পিছত শপত গ্ৰহণ কৰিব দ্ৰৌপদীয়ে। বৃহস্পতিবাৰে ভোট গণনা আৰম্ভ হোৱাৰ পাছৰে পৰা গেৰুৱা শিবিৰত উৎসৱ উদযাপন কৰা হৈছে। আৰম্ভ হয় মাদল বজাই শোভাযাত্ৰা। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন হয় বিজয় উৎসৱ।










