![]()
জাবৰ-জোঁথৰ কঢ়িয়াই নিয়া ঠেলা গাড়ীত দেখা গʼল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবি। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে প্ৰশাসনত কঁপি উঠে।ঠিকাভিত্তিক চাফাইকৰ্মী ববীক ততাতৈয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰে মথুৰা-বৃন্দাবন নগৰ নিগমে।
এই ঘটনাই ছʼচিয়েল মিডিয়াত ব্যাপক হুলস্থুলৰ সৃষ্টি কৰে। পৌৰ নিগমক সমালোচনা কৰিলে নেটিজেনে। হেঁচাত পৰি চাফাইকৰ্মীজনক পুনৰ কৰ্মস্থলীলৈ ওভতাই অনা হয়। যোৱা শনিবাৰে পোহৰলৈ আহিছিল এই ঘটনা। এটা ভিডিঅ ভাইৰেল হয়।
সেই ভিডিঅ’টোত জেনেৰেলগঞ্জ অঞ্চলত কাম কৰা ঠিকাভিত্তিক চাফাইকৰ্মী ববীৰ জাবৰৰ ট্ৰাকখনত মোদী আৰু যোগীৰ এখন ছবি দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে মথুৰা-বৃন্দাবন নগৰ নিগমৰ অতিৰিক্ত উপায়ুক্ত সত্যেন্দ্ৰ কুমাৰ তিৱাৰীয়ে জনোৱা মতে, ববীক গাফিলতিৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। বৰ্খাস্ত কৰা চাফাইকৰ্মীজনে যুক্তি দিছিল যে তেওঁ নিজৰ কাম কৰিছে।
মোদী-যোগীৰ ফটোখন জাবৰৰ দমত পোৱাত তেওঁৰ কোনো ভূমিকা নাই। তেওঁ মাত্ৰ জাবৰ তুলি লৈছিল। ৰাস্তাত পৰে ছবিবোৰ। সেয়ে তেওঁ সেইবোৰ জাবৰৰ ট্ৰাকত থৈ দিলে। আন এটা ভিডিঅʼত স্থানীয় লোকক জাবৰ-জোঁথৰৰ ট্ৰাকত মোদী-যোগীৰ ছবিখন দেখাৰ পিছত ফটো তুলিবলৈ আৰম্ভ কৰে।
এজনে আকৌ জাবৰৰ ট্ৰাকৰ পৰা ছবিখন তুলি লৈ ধুই ঘৰলৈ লৈ যায়। কিছুমানে ববীক দোষাৰোপ কৰাৰ বিপৰীতে ছʼচিয়েল মিডিয়াত নেটিজেনসকলে ববীৰ হৈ মাত মাতে। ইয়াৰ পিছত হেঁচাত পৰি ববীক সতৰ্ক কৰি পুনৰ কামত লগাই দিয়া হয়। কিন্তু পৌৰনিগমে কৈছে, “ববী আৰু তেওঁৰ পৰিয়ালৰ আবেদন সহানুভূতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।”










