ASSAM TIMES POST
নতুন দিল্লীঃ পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ঘৰুৱা ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিক হত্যা কৰিবলৈকে ভাৰতত শাখা খুলি লৈছে। সৰ্ব ভাৰতীয় লস্কৰ-ই-তৈবা শীৰ্ষক ভাৰতৰ এই শাখাটোৱে মোডী-কোহলিকে প্ৰমুখ্য কৰি হত্যাৰ লক্ষ্য হিচাপে বাছি লৈছে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক। ইয়াৰোপৰি সৰ্ব ভাৰতীয় লস্কৰ-ই-তৈবাৰ হিট লিষ্টত আছে ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ লাল কৃষ্ণ আদৱানি, বিজেপিৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত আৰু গোৱাৰ ৰাজ্যপাল সত্য পাল মলিক। সৰ্ব ভাৰতীয় লস্কৰ-ই-তৈবাই এইসকলৰ নাম উল্লেখিত এখন পত্ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থালৈ প্ৰেৰণ কৰোতেই মঙলবাৰে সংস্থাটোৱে সমস্ত কথা ৰাজহুৱা কৰে। মূলতঃ জম্মু-কাশ্মীৰৰপৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাকে ধৰি ভাৰতীয় সেনাৰ হাতত সন্ত্ৰাসবাদী সংগঠনটোৰ বহু দুৰাচাৰী নিহত হৈ অহাৰ প্ৰতিশোধ কল্পেই এনে পৰিকল্পনা কৰি ভাৰতত শাখাই খুলি পেলালে। মন কৰিবলগীয়া যে বিৰাট কোহলিয়েই একমাত্ৰ ক্ৰিকেটাৰ, যাক নেকি সন্ত্ৰাসবাদী সংগঠনে হত্যাৰ ভাবুকি প্ৰদান কৰিছে এইদৰে।












