![]()
চতুর্থ ঢৌৰ প্ৰভাৱ পৰাৰ আশঙ্কা আৰু বৃদ্ধি পাইছে! তৃতীয় ঢৌ নিয়ন্ত্রণত অহাৰ পিছত জুনৰ পৰা পুনৰ দেশত ঊর্ধ্বমুখী কোভিডৰ গ্রাফ।
জুলাইত নতুনকৈ ভয়াবহতা বাঢ়িছে! কিছু মাহ পিছত পুনৰ দৈনিক সংক্রমণ পাৰ কৰিছে ২০ হাজাৰৰ সীমা। একে সময়তে বাঢ়িছে সংক্রমণৰ হাৰৰ লগতে মৃত্যুৰো হাৰ। বিশেষজ্ঞসকলৰ মতে, আতঙ্কৰ পৰিবেশত যদি মানুহ সচেতন নহয়, তেনেহ’লে পৰিস্থিতি আৰু জটিল হ’ব পাৰে ।
বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশত কৰোনাত আক্রান্ত হৈছে ২০ হাজাৰ ১৩৯ জন। যিটো আগৰ দিনতকৈ বহুত বেছি। বর্তমান দেশত কৰোনাৰ সক্রিয় ৰোগীৰ সংখ্যা ১ লাখ ৩৬ হাজাৰ ৪৩ জন। এয়া আগতকৈ ৩ হাজাৰ ৬১৯ জন বেছি। দেশৰ সক্ৰিয় ৰোগীৰ হাৰ বাঢ়িছে ০.৩১ শতাংশ। সকলোতকৈ বেছি সংক্রমিত ৰাজ্যকেইখন হৈছে কেৰালা, তামিলনাডু, কর্ণাটক, মহাৰাষ্ট্র লগতে পশ্চিমবঙ্গ। এই মুহূর্তত দেশত দৈনিক কৰোনা সংক্রমণৰ হাৰ ৫.১০ শতাংশ।
উদ্বেগ বঢ়াৰ লগতে দেশত এদিনত কৰোনাত প্রাণ হেৰুৱাইছে ৩৮ জনে। এই সংখ্যাটা অৱশ্যে আগদিনাতকৈ কম। যোৱা ২৪ ঘণ্টাত কৰোনাৰ পৰা সুস্থ হৈ উঠিছে ১৬ হাজাৰ ৪৮২ জন। দেশত বর্তমান সুস্থতাৰ হাৰ কমেও ৯৮.৪৯ শতাংশ। বুধবাৰে কেন্দ্রৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ১৫ জুলাইৰ পৰা দেশত আৰম্ভ হ’ব বিনামূল্যে কৰোনাৰ বুষ্টাৰ ডোজ দিয়া। ১৮ বছৰৰ ঊর্ধ্বৰ প্রত্যেকেই বিনামূল্যে বুষ্টাৰ ডোজ পাব।












