![]()
কিছুদিন পূৰ্বে বৰষুণত তিতিছিল ৰাজধানী। এইবাৰ বাণিজ্যনগৰীতো তুমুল বৰষুণ। সোমবাৰে নিশাৰে পৰা বৰষুণ আৰম্ভ হৈ মঙ্গলবাৰ পৰ্যন্ত চলি আছে।
তাৰ ফলত একাধিক এলেকাই জলমগ্ন হৈ পৰিছে। যাৰ ফলত সৃষ্টি হৈছে যান-জটৰ। সংবাদ সংস্থা এএনআই-এ মুম্বাইত বৰষুণৰ কেইবাখনো ছবি টুইট কৰিছে। আন্ধেৰিত আঁঠুলৈকে পানী। মানুহে জঁপিয়াই পাৰ হ’বলগা হৈছে। একাধিক পথত ৰে’ল আৰু বাছ চলাচল বিপর্যস্ত হৈছে। ৰে’ললাইনৰ ওপৰত পানী জমা হৈ গৈছে।
প্রবল বৃষ্টিৰ ফলত ৰত্নাগিৰি জিলাৰ চিপলুন আৰু ঘাটকোপাৰত ধল নামিছে। ৰাস্তা বন্ধ হৈ পৰিছে। এই অৱস্থাত আইএমডি-এ পূর্বাভাস দিছে যে মুম্বাই আৰু উপকণ্ঠ অঞ্চলত অহা কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা বাহিনীক প্রস্তুত থাকিবলৈ কোৱা হৈছে।
ইতিমধ্যে জলমগ্ন একাধিক এলেকাত বাহিনীটোৰ সদস্যসকল উপস্থিত হৈছে। মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্রী একনাথ শিন্ডেয়ে মুম্বাই আৰু পার্শ্বৱর্তী জিলাৰ উপায়ুক্তসকলক সতর্ক থাকিবলৈ কৈছে। ইতিমধ্যে মুখ্য সচিব মনুকুমাৰ শ্রীবাস্তবৰ লগত বৈঠকত বহিছে শিন্ডেয়ে।












