কিছু দিন পূৰ্বে মণিপুৰৰ ননি জিলাৰ ৰে’লৰ নিৰ্মাণস্থলীত হোৱা ভূমিস্খলনৰ ঘটনাত শনিবাৰে আন ৮ টাকৈ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰে ধৰি মৃতকৰ সংখ্যা জিলাখনত ২৯ জনলৈ বৃদ্ধি পায়। অৱশ্যে উক্ত ভূমিস্খলনৰ ফলত ৩৪ গৰাকী এতিয়াও নিখোজ হৈ আছে।
প্ৰতিকূল বতৰৰ হেতু উদ্ধাৰ কাৰ্যও স্থগিত ৰাখিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে।শনিবাৰে উদ্ধাৰ হোৱা ৮ টা মৃতদেহৰ ৫ গৰাকী টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী হোৱাৰ বিপৰীতে আন এগৰাকী নিৰ্মাণ প্ৰতিষ্ঠান কৰ্মী। বাকী দুগৰাকীৰ বৰ্তমানেও পৰিচয় লাভ কৰিব পৰা হোৱা নাই।
উল্লেখ্য যে, বৃহস্পতিবাৰে এই স্থানত ৮ গৰাকী আৰু শুকুৰবাৰে ১৩ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। জানিব পৰা মতে, দুটা নিৰ্মাণ প্ৰতিষ্ঠানৰ ১৪জন কৰ্মচাৰী, ৫ জন গাঁওবাসী আৰু ৰে’লৰ তিনিজনসহ মুঠ ৩৪ জন এতিয়াও নিখোঁজ হৈ আছে।
উদ্ধাৰকাৰী দলসমূহক সতৰ্কতা বজাই ৰাখি কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। শনিবাৰে পুৱাৰে পৰা পুনৰ বৰষুণৰ বাবে উদ্ধাৰকাৰ্য ব্যাহত হয়।