ASSAM TIMES POST
চলিত মাহৰ ২১ তাৰিখৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে “প্ৰাগজ্যোতিষ নাট্য উৎসৱ”। প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত এই নাট্য উৎসৱখন অনুষ্ঠিত কৰা হয়।
উক্ত ৫ দিনীয়া কাৰ্যসূচীত নিতৌ সন্ধিয়া ৬.৩০ বজাত একোখনকৈ নাটক প্ৰদৰ্শিত কৰা হয়। “প্ৰাগজ্যোতি নাট্য উৎসৱ” ৰ তৃতীয়টো দিনা “ভগৱদজ্জুকম” শীৰ্ষক নাটক খন দৰ্শকৰ আগত প্ৰদৰ্শিত কৰা হৈছিল। সংস্কৃত ভাষাৰ এই নাটখনৰ অসমীয়া অভিযোজনা কৰিছে মৃণাল কুমাৰ বৰাই লগতে নাটখনৰ পৰিচালনাৰ আঁৰত আছিল অঞ্জল বৰুৱা।
SOURCE: https://rupaliparda.com/archives/7163