আজি দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে ওডিশাৰ এগৰাকী জীয়ৰী।শুকুৰবাৰে তেওঁ নতুন দিল্লীত দাখিল কৰে মনোনয়ন-পত্ৰ। পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীৰ বিজয়ৰ বাবে সমগ্ৰ ওডিশাত প্ৰাৰ্থনা চলিছে৷
#WATCH | NDA's candidate for Presidential election Droupadi Murmu arrives at Parliament for filing her nomination pic.twitter.com/t7gwk0fnwL
— ANI (@ANI) June 24, 2022
দ্ৰৌপদী মুৰ্মু। তেওঁৰ ওপৰত এতিয়া ওডিশাবাসীৰ আশা-আকাংক্ষা। উল্লেখ্য যে দ্ৰৌপদীয়ে শ্ৰী অৰবিন্দ অখণ্ড শিক্ষা আৰু গৱেষণা কেন্দ্ৰত শিক্ষকতা কৰিছিল।
তেওঁ ১৯৯৪-৯৬ চনলৈ ওডিশাৰ ৰাইৰাংপুৰস্থিত শ্ৰী অৰবিন্দ বিদ্যালয়ত শিক্ষকতা কৰিছিল।
১৯৯৬ চনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে ৷ সকলোৰে প্ৰিয় দ্ৰৌপদীয়ে শিক্ষকতা এৰি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে তাৰ পিছত তেওঁৰ ৰাজনৈতিক জীৱনত ইটোৰ পিছত সিটো সফলতা আহে। পৰৱৰ্তী সময়ত ওডিশাৰ ৰাজ্যপাল হয়।