ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে আগুৱাই অনা হ’ল গৰমৰ বন্ধ। আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই কথা ঘোষণা কৰে।
আজি জনতা ভৱনত আয়োজিত এক সংবাদ মেলত ৰনোজ পেগুৱে কয়, অহা ২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত হ’ব গৰমৰ বন্ধ। ৰাজ্যৰ শেহতীয়া বানত বহু শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
২৫ জুলাইলৈকে থাকিব গৰমৰ বন্ধ। চৰকাৰী তথা বেচৰকাৰী সকলো শিক্ষানুষ্ঠানলৈকে এই নিৰ্দেশনা প্ৰদান কৰা হৈছে। আনহাতে, যিবোৰ শিক্ষানুষ্ঠানত পৰীক্ষা চলি আছে সেইবোৰ ২৫ তাৰিখৰ আগতে সমাপ্ত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।