![]()
অগ্নিপথ প্রকল্পক কেন্দ্ৰ কৰি বিৰোধিতাৰ পৰিস্থিতিত এইবাৰ ছুপ্রিম কোর্টলৈ গ’ল কেন্দ্রীয় চৰকাৰ। দেশৰ শীর্ষ আদালতত কেন্দ্রৰ তৰফৰ পৰা কেভিয়েট দাখিল কৰা হয়। চুক্তিভিত্তিক সেনা নিয়োগৰ এই প্রকল্পক প্ৰত্যাহ্বান জনাই আদালতত আবেদন জনোৱা হৈছে। সেই আবেদনৰ ভিত্তিতে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে কেন্দ্রৰ বক্তব্য শুনা হওক। মোদী চৰকাৰৰ পক্ষৰ পৰা এই আবেদন জনোৱা হৈছে উচ্চ আদালতত।
এই প্রকল্প পৰীক্ষা কৰাৰ সম্প্রতি ছুপ্রিম কোর্টত গোচৰ তৰিছে দিল্লীৰ এজন অধিবক্তাই। অগ্নিপথক কেন্দ্ৰ কৰি দেশজুৰি যি হিংসাত্মক প্রতিবাদ হৈছে তাৰ ফলত চৰকাৰী সম্পত্তিৰ কিমান ক্ষতি হৈছে সেয়া তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল (চিট) গঠনৰ আর্জি জনোৱা হৈছে।
লগতে, এই প্রকল্প পৰীক্ষা কৰাৰ বাবে ছুপ্রিম কোর্টৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটি বিশেষজ্ঞ দল গঠন কৰাৰ আবেদন জনাইছে গোচৰীয়াই।











