সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টীংছন প্ৰাপ্ত ডিফুৰ জীয়ৰী ছানিয়া আজমিয়ে হোজাই জিলাৰ নামজ্বলা শিক্ষা প্ৰতিষ্ঠান আজমল ছুপাৰ ফ’ৰটিত স্থান লাভ কৰিছে ৷
ছানিয়া আজমী ডিফু ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ছয়টা বিষয়ত মুঠ ছয়শ নম্বৰৰ ভিতৰত ৫২১ নম্বৰ পাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টীংছন লাভ কৰি ডিফু চহৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
ছানিয়া আজমী ডিফু ধৰমনালাৰ নিৱাসী ইয়াকুব আলী আৰু পিংকি বেগমৰ কণ্যা ৷ কণ্যাৰ ফলাফলত পিতৃ-মাতৃ উৎফুল্লিত হৈ পৰে ৷ কাৰবি আংলং জিলা আমছুৰ সভাপতি, সম্পাদকে ছানিয়া আজমিৰ কৃতকাৰ্তাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ছানিয়া আজমিৰ উজ্জল ভৱিষ্যত কামনা কৰে ৷