কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধীক ধুলিস্যাৎ কৰি পৰিষদৰ ২৬ খন আসনেই দখল কৰি ইতিহাস সৃষ্টি কৰিলে ডা:তুলিৰাম ৰংহাঙ নেতৃত্বাধীন বিজেপিয়ে ৷ আজিৰ ডিফুত চিইএমৰ চৰকাৰী বাংলোত এক সংবাদমেলৰ আয়োজন কৰি বিজেপি দলক আশীৰ্বাদ আৰু মৰমেৰে পুণৰ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মচনদত পুনৰ অধিষ্ঠিত কৰাৰ বাবে কাৰ্বি আংলঙৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ডাঃ তুলিৰাম ৰংহাঙে ৷
তেওঁ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব আৰু প্ৰচাৰলৈ অহা দলৰ প্ৰতিগৰাকী নেতাক ধন্যবাদ জনায় ৷ ৰংহাঙে কাৰ্বি আংলঙৰ বাবে এই নিৰ্বাচন ইতিহাস সৃষ্টি কৰিছে।
পূৰ্বে কোনো দলকে এনেদৰে পূৰ্ণ সমৰ্থন জনোৱা নাছিলবুলি কয় ৷ এতিয়াৰে পৰা ৰাইজৰ সেৱাত ১০০শতাংশ আত্মনিয়োগ কৰিব পৰিষদে। কাৰ্বি শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰা হ’ব।
চৰকাৰৰ সকলো আচনি সঠিকভাৱে ৰূপায়ন কৰা হ’ব। শিক্ষিত নিবনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ বাবে আচনি গ্ৰহণ কৰা হ’ব।
পৰ্যটন ক্ষেত্ৰতো বিকাশ সাধন কৰা হ’ব। পৰিষদৰ বৃদ্ধি হ’ব লগা আসনত শান্তি চুক্তি কৰি বিজেপিত যোগদান কৰা বিদ্ৰোহী সংগঠনৰ নেতৃত্বক ৰাজনৈতিক সংস্থাপন দিয়া হ’ব।
পৰিষদত বিৰোধী শূন্য হ’ব যদিও ৰাইজেই বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দিব লাগিব।বিৰোধী দলসমূহকো ধন্যবাদ। তেওঁলোকৰো আশীৰ্বাদ আছে বিজেপিৰ ওপৰত মন্তব্য কৰে তুলিৰাম ৰংহাঙে।