![]()
১১ জুনত তেওঁৰ বিয়া৷ সকলো আয়োজন প্রায় শেষ হৈছে। ডিজিটেল কাৰ্ডো ছপা হৈ গৈছে। কিন্তু বিয়াত দুটা পক্ষৰ প্রয়োজন নাই, এটাই যথেষ্ট। কাৰণ বিয়া হ’ব তেওঁৰ নিজৰ সৈতেই! গুজৰাটৰ বৰোদৰাৰ জীয়ৰী ক্ষমা বিন্দুৰ এই খবৰে এতিয়া সমগ্ৰ দেশত তোলপাৰ লগাইছে।
ক্ষমাৰ বয়স ২৪ বছৰ। তেওঁ নিজকে সকলোতকৈ বেছি ভালপায়। প্রেমত পৰিছে৷ সেয়ে কাষত থকাৰ প্রত্যাশা সৃষ্টি হৈছে৷ তেওঁ সেই প্রত্যাশা ৰাখিব নিজৰ ওচৰতে। সেয়ে সেয়া পূৰণ কৰাৰ প্রতিশ্রুতিও দিব বিচাৰে নিজকেই। তাৰ বাবেই নিজকে বিয়া কৰোৱাৰ ইচ্ছা প্রকাশ কৰিছে।
কিন্তু সমাজৰ প্রচলিত ধাৰণা ভাঙি লোৱা এই সিদ্ধান্তৰ বাবে নানা বাধা-বিঘিনি তেওঁ অতিক্ৰম কৰিবলগা হৈছে। সমাজবিদ্যাত স্নাতক ক্ষমা সম্প্ৰতি এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। পিতৃ থাকে দক্ষিণ আফ্রিকাত, মাতৃ আহমেদাবাদত থাকে। পিতৃ-মাতৃক এই বিয়াত ৰাজী কৰাবলৈ ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিছে।
অৱশেষত তেওঁলোক ৰাজী হৈছেন। বন্ধুবৰ্গৰ উপস্থিতিত হ’ব বিয়া। পিতৃ-মাতৃ থাকিব ভিডিও কলত। ক্ষমাই নিজৰ বাবে এটি লেহেঙ্গাও ক্ৰয় কৰিছে। সকলো আচাৰ-বিধি মানিয়েই বিয়া কৰাব বিচাৰে তেওঁ। বহু কষ্টৰ মূৰত এজন পুৰোহিতক তেওঁ ৰাজীও কৰাইছে। বিয়াৰ মণ্ডপ সজোৱা হ’ব ধাৰ্মিক নিয়মতেই।
ভাৰতত এনে বিয়া এয়াই প্রথম হ’লেও বিদেশত কিন্তু এনে বিয়াৰ প্ৰচলন বিগত কেইবা বছৰ ধৰি চলি আহিছে। ব্রাজিলৰ ছুপাৰ মডেল আদ্রিয়ানা লিমাই ২০১৭ চনত নিজকে বিয়া কৰায়। উল্লেখ্য, এনে বিয়াত কোনো আইনী পদক্ষেপ লোৱা নহয়, এক ধৰণৰ আচাৰ মাত্র। আইনত কোনা নথিত ‘বিবাহিত’ লেখাৰ কোনো বাধ্যতাও নাই এনে ধৰণৰ বিয়াৰ ক্ষেত্রত।










