![]()
কোভিডৰ তৃতীয় ঢৌৰ পিছত আহিব নেকি চতুর্থ ঢৌ! ইয়াৰ আৰম্ভণি মুম্বাইৰ পৰাই হ’ব নেকি? অৱশ্যে সেয়া এতিয়াই ক’ বপৰা হোৱা নাই যদিও বাণিজ্য নগৰীত দৈনিক বৃদ্ধি পাইছে কোভিড সংক্রমণ। আজি মুম্বাইত নতুনকৈ কোভিড আক্রান্ত হৈছে ৭৩৯ জন। সংক্রমণৰ হাৰ ৮.৪ শতাংশ।
১ ফেব্রুৱাৰীৰ পিছত এটা দিনত ইমানজন লোক আক্রান্ত হোৱা নাই মুম্বাইত। উক্ত দিনা মুম্বাইত আক্রান্ত হৈছিল ৮০৩ জন। ইয়াৰ পিছতেই কঁকালত টঙালি বান্ধি নামি পৰিছে মুম্বাই পৌৰসভা।

পৰীক্ষা বৃদ্ধিৰ নির্দেশ দিয়া হৈছে। বৃহন্মুম্বাই পৌৰসভাই জনাইছে, বাৰিষাৰ আগতে দৈনিক সংক্রমণ মাৰাত্মকভাৱে বাঢ়িছে। উপসর্গও আছে ৰোগীসকলৰ।এই পৰিস্থিতিত ১৩-১৮ বছৰীয়াসকলৰ মাজত টীকাককণৰ হাৰ বৃদ্ধিৰ চেষ্টা চলাইছে বিএমচিয়ে। বুষ্টাৰ ড’জ লোৱাৰ বাবেও নাগৰিকসকলক সতর্ক কৰিছে। হস্পিটেলবোৰকো প্রস্তুত থাকিবলৈ নির্দেশ দিছে। হস্পিটেলত ভর্তিৰ সংখ্যা বাঢ়িলে মালাডৰ জাম্বোকক কোভিড হস্পিটেললৈ পৰিণত কৰা হ’ব। মঙলবাৰে মুম্বাইত সংক্রমণ হাৰ আছিল ৬ শতাংশ।












