নতুন আইপিএল চেম্পিয়ন লাভ কৰিলে দেশে। ঘৰুৱা খেলপথাৰত ভূমিপুত্রৰ জয়। মেগা ফাইনেলত বেটে-বলে উজলি উঠিল হার্দিক পাণ্ডিয়া।
শ্বেন ওয়ার্নক শ্রদ্ধার্ঘ্য জনোৱা নহ’ল ৰাজস্থানৰ। ১৪ বছৰৰ ব্যৰ্থতাও আঁতৰাব নোৱাৰিলে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছক ৭ উইকেটত আৱিৰ্ভাৱতেই আইপিএল চেম্পিয়ন হয় গুজৰাট টাইটান্স। ২০ অ’ভাৰত ৯ উইকেটৰ বিনিময়ত ১৩০ ৰান সংগ্ৰহ কৰিছিল ৰাজস্থানে।
১৮.১ অভাৰত ১১ বল বাকী থকা অৱস্থাতেই তিনি উইকেটৰ বিনিময়ত জয়সূচক ৰানত উপনীত হয় গুজৰাট টাইটান্স। ছয় কোবাই দলক জয় আনি দিয়ে শুভমন গিলে। অনবদ্য দলীয় প্ৰদৰ্শন। সম্পূৰ্ণ আইপিএলত আৰম্ভণিৰ পৰা শেষলৈ ভাল খেলিছে গুজৰাটে। একেৰাহে তালিকাত শীৰ্ষস্থান দখল কৰি ৰাখিছিল হার্দিক পাণ্ডিয়া বাহিনীয়ে।
দেওবাৰেও যোগ্য দল হিচাবেই চেম্পিয়ন হয় গুজৰাট। ইয়াৰ পূৰ্বে কোনো দলকে নেতৃত্ব দিয়াৰ অভিজ্ঞতা নাছিল হার্দিকৰ। কিন্তু ভূমিপুত্রৰ ওপৰত ভৰসা ৰাখিছিল গুজৰাট ফ্ৰেঞ্চাইজিয়ে। তাৰ উচিত মূল্যও লাভ কৰিলে। গৃহমন্ত্রী অমিত শ্বাহৰ সন্মুখত নতুন ইতিহাস ৰচনা কৰিলে হার্দিক এণ্ড কোম্পানীয়ে।