“বিশ্ব এতিয়া প্ৰতিযোগিতাৰে ভৰি পৰিছে আৰু তীব্ৰ প্ৰতিযোগিতা যুগত জীয়াই থাকিবলৈ আমাৰ মেধাৱী যুৱ ছাত্ৰ-ছাত্ৰীসকলে উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিব লাগিব। এয়া নিঃসন্দেহে ’যোগ্য ভোগ্য বসুন্ধৰাৰ যুগ।’-
আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে এইদৰে কয়।
ডিগ্ৰী প্ৰাপ্ত সকললৈ শুভেচ্ছা জ্ঞাপন কৰি অধ্যাপক মুখীয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এক দায়িত্ব আছে বুলি গুৰুত্ব আৰোপ কৰে। ‘আমাৰ দেশে আমাক সকলো দিছে। বিনিময়ত কিবা এটা ঘূৰাই দিয়া উচিত। দেশত থাকি দেশৰ সেৱা কৰা উচিত। আমাৰ দেশে নতুন উদ্যোগ স্থাপনৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে। সেয়েহে, ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা কৰা উচিত, দেশত থকা উচিত আৰু দেশৰ সেৱা কৰি আত্মনিৰ্ভৰ হোৱা উচিত।’-তেওঁ কয় ৷
অনুষ্ঠানত অসমীয়া সাহিত্য আৰু কাৰ্বি ভাষালৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হয়৷ সৰ্বমুঠ ১৩৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়।
সমাৱৰ্তন অনুষ্ঠানত ৫৭ গৰাকী বিভিন্ন বিষয়ত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰীক সোণৰ পদক প্ৰদান কৰাৰ লগতে ১১গৰাকী ছাত্ৰ-ছাত্ৰীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।
এই উপলক্ষে সমাৱৰ্তনত বক্তা হিচাপে উপস্থিত থাকি হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বসুত্কৰ জগদীশ্বৰ ৰাৱে তেওঁৰ ভাষণত এটা জাতি গঠনত গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ আৰু কয় “আমাৰ দৰে এটা মহান জাতিৰ ভৱিষ্যত ইয়াৰ যুৱ প্ৰজন্ম, তেওঁলোকে গ্ৰহণ কৰা শিক্ষাৰ মানদণ্ড আৰু মূল্যবোধৰ ওপৰত নিৰ্ভৰশীল।
উচ্চ শিক্ষাৰ ভূমিকা কেৱল তথ্য যোগান ধৰাই নহয়, আনকি কেৱল বুদ্ধিৰ বিকাশ কৰাই নহয়, কল্পনা আৰু সৃষ্টিশীলতাক প্ৰজ্বলিত কৰাও ইয়াৰ লক্ষ্য। এইবোৰ কেৱল শৈক্ষিক কথা নহয় ৷ আমি পণ্ডিত আৰু নেতাও সৃষ্টি কৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলক কেৱল চাকৰিৰ বাবে নহয়, কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰিব লাগিব।’
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উক্ত অনুষ্ঠানত উপস্থিত থাকি কয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে পাঠ্যক্ৰমসমূহ তিনিটা মূল বিষয়ত কেন্দ্ৰীভূত কৰিব লাগে আৰু সেইকেইটা হ’ল ছাত্ৰ-ছাত্ৰীৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা পাঠ্যক্ৰম প্ৰস্তুত কৰা, উদ্যোগী সৃষ্টিৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱা আৰু গৱেষণাত গুৰুত্ব প্ৰদান কৰা। প্ৰতিবেদন দাখিল কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে বিগত দুবছৰত হোৱা উন্নয়নৰ ক্ষেত্ৰত আলোকপাত কৰে।