কাৰ্বি আংলং জিলাৰ বোকাজান থানাৰ অন্তৰ্গত দুই নং দিলাওজানত কালি সন্ধিয়া ৰহস্যজনক অৱস্থাত এহাল বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, কালি সন্ধিয়া উল্লিখিত গাঁৱৰ বৃদ্ধ দম্পতী ক্ৰমে ৰূপাই শইকীয়া (70) আৰু জেঙেৰী শইকীয়া (65)ৰ মৃতদেহ নিজ ঘৰৰ পিছফালে পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।
লগে লগে বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।
মৃতদেহ দুটা প্ৰায় পচিবলৈ ধৰালৈ চাই কেইবাদিন পূৰ্বে দম্পতীহালৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। কেনে পৰিস্থিতিত দম্পতীহালৰ মৃত্যু হʼল তাক কেন্দ্ৰ কৰি ৰহস্য অব্যাহত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।