কালি সন্ধিয়া হোৱা ধুমুহা বৰষুণৰ ফলত চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাট ধীৰবিলত এখন নাওঁ দুৰ্ঘটনাত পতিত হৈ শিশু সহ তিনিজনৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী ২য় খণ্ড কলোবাৰী গাঁওৰ বাসিন্দা ৰহিম বক্স আৰু তেওঁৰ পত্নী ৰহিমা খাতুনয়ে কালি সন্ধিয়া প্ৰায় ৭ মান বজাত তেওঁলোকৰ নাতিনীয়েক মাছুমা খাতুনক লগত লৈ ধীৰবিলৰ সিটো পাৰৰ পৰা নিজ গৃহ কলোবাৰীলৈ যাত্ৰা আৰম্ভ কৰে।
কিন্তু নাওঁ খন ধীৰবিলৰ মাজভাগ পোৱাৰ সময়তে হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ কবলত পৰি নাওঁ খন পানীত বুৰ যায় আৰু নাওঁ খনত থকা তিনিও গৰাকী ব্যক্তি নিখোজ হৈ পৰে।
পৰৱৰ্তী সময়ত, পৰিয়ালৰ লোকে চিন্তিত বিচাৰ খোচাৰ আৰম্ভ কৰাত উক্ত যাত্ৰীবাহী নাওঁ খন দুৰ্ঘটনাত পতিত হোৱা বুলি অনুমান কৰি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিক অৱগত কৰে।
উক্ত খবৰ লাভ কৰি আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে ততালিকে আৰক্ষীৰ দল এটা ঘটনাস্থলীলৈ প্ৰেৰণ কৰে আৰু কিছু সময়ৰ পাছতে আৰক্ষীয়ে ৰাইজৰ সহযোগত দুৰ্ঘটনাগ্ৰস্থ নাওঁ খন উদ্ধাৰ হয়। পিছত আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান তীব্ৰ কৰি মাছুমা খাতুনৰ মৃতদেহটো উদ্ধাৰ কৰে যদিও ৰহিম বক্স আৰু তেওঁৰ পত্নী ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয়।
আকৌ, আজি ৰাতিপুৱা এছ ডি আৰ এফৰ এটি দলে উদ্ধাৰ অভিযান চলাই ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰে। বাতৰি লিখা পৰলৈকে নিখোজ হৈ থকা ৰহিম বক্সৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি খবৰ পোৱা গৈছে।