পেগাছাছ-কাণ্ডৰ বাবে গঠিত তদন্তকাৰী দলৰ ৰিপোর্ট দাখিলৰ সময়সীমা বৃদ্ধি কৰিলে ছুপ্রিম কোৰ্টে। শুক্রবাৰে প্রধান ন্যায়াধীশ এনভি ৰমান্নাৰ বিচাৰপীঠে নির্দেশ দিয়ে, অহা ২০ জুনৰ ভিতৰত এই সন্দৰ্ভত ৰিপোর্ট দাখিল কৰিব লাগিব ছিটক।
পেগাছাছ-কাণ্ডৰ তদন্তত নিযুক্ত প্রযুক্তিগত বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ মানিয়েই শীর্ষ আদালতে জনাইছে, পেগাছাছ ‘স্পাইঅয়াৰ’ সংক্রমিত ২৯টা ফোন পৰীক্ষাৰ বাবে প্ৰায় চাৰি সপ্তাহ সময় লাগিব। সেয়ে এই সংক্রান্তীয় ৰিপোর্ট দাখিলৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য, পেগাছাছ-কাণ্ডত ছুপ্রিম কোর্ট নিযুক্ত বিশেষ তদন্তকাৰী দলে (ছিট) এই পর্যন্ত প্রায় ৩০০টা ‘স্পাইঅয়াৰ’-সংক্রমিত মোবাইলৰ সন্ধান পোৱা বুলি এটি সূত্রৰ দাবী।
ইজৰাইলৰ এনএছও নামৰ এটি কোম্পানীৰ পৰা স্পাইঅয়াৰ ক্ৰয় কৰি নৰেন্দ্র মোদী চৰকাৰে ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীসহ একাধিক বিৰোধী নেতা, আমলা, সাংবাদিক আনকি ন্যায়াধীশৰ ফোন টেপিং কৰাৰ অভিযোগ। শীর্ষ আদালতত এই বিষয়ত জনস্বার্থ গোচৰৰ শুনানি পর্বত কেন্দ্রৰ তৰফৰ পৰা ‘ৰাষ্ট্ৰীয় নিৰাপত্তা’ৰ যুক্তি দিয়া হ’লেও সেয়া খাৰিজ হৈ যায়।
যোৱা অক্টোবৰত প্রধান ন্যায়াধীশ ৰমান্নাৰ বিচাৰপীঠে ঘটনাৰ তদন্তত প্রাক্তন ন্যায়াধীশ আৰ ভি ৰবীন্দ্রনৰ নেতৃত্বত তিনি সদস্যৰ ‘ছিট’ গঠনৰ নির্দেশ দিয়ে। ৰায়টোত কোৱা হয়, ‘ব্যক্তিৰ গোপনীয়তাৰ অধিকাৰ ৰক্ষাটো গুৰুত্বপূর্ণ। দেশৰ প্রতিজন নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ সুৰক্ষিত হৈ থকাটো উচিত।’