কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত আজি ডিফু নিৰ্বাচনী জিলাত প্ৰথম পৰ্যায়ৰ বাবে প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
এইলৈ আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত ৫৫০ গৰাকী আৰু ৰূকাছেন মহাবিদ্যালয়ত ৪২৮ গৰাকী প্ৰিজাইডিং বিষয়া, প্ৰথম আৰু দ্বিতীয় পুলিং বিষয়াসকলক ভোট গ্ৰহণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
ডিফু চৰকাৰী মহাবিদ্যালয় ১৮ আৰু ৰূকাছেন মহাবিদ্যালয়ৰ ১৬ গৰাকী প্ৰৱক্তাই মাষ্টাৰ প্ৰশিক্ষক ৰূপে উপস্থিত থাকি বিষয়াসকলক উচিত প্ৰশিক্ষণ প্ৰদান কৰে ৷
জানিব পৰা মতে কালিলৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত ২৪২ আৰু ৰূকাছেন মহাবিদ্যালয়ত ২৪৭ গৰাকী বিষয়াক পুণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে ৷