অনিচ্ছাকৃত হত্যাৰ এটি গোচৰত বৃহস্পতিবাৰে ছুপ্রিম কোর্টে এবছৰৰ জে’লৰ শাস্তি ঘোষণা কৰি অবিলম্বে আত্মসমর্পণৰ নির্দেশ দিছিল প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যুৎ সিং সিদ্ধুক। নির্দেশ মানিয়েই শুক্রবাৰে পাটিয়ালা আদালতেত আত্মসমর্পণৰ কথাও দিছিল কংগ্রেছ নেতা তথা প্রাক্তন ৰাষ্ট্ৰীয় ক্রিকেটাৰজনে। কিন্তু তেওঁৰ অধিবক্তা অভিষেক মনু সিঙ্ঘভিয়ে শুক্রবাৰে শীর্ষ আদালতৰ ওচৰত সিদ্ধুৰ আত্মসমর্পণৰ বাবে এসপ্তাহ সময় দিয়াৰ আবেদন জনাইছে।
শুক্রবাৰে পুৱাৰ পৰাই সিদ্ধুৰ পাটিয়ালাৰ ঘৰৰ সন্মুখথ ভিৰ জমা হ’বলৈ আৰম্ভ কৰে কংগ্রেছ নেতা-কর্মীসকলৰ। তাত আছিল পাটিয়ালা জিলা কংগ্রেছ সভাপতি নৰেন্দ্র পাল লালি, প্রাক্তন বিধায়ক সুৰজিৎ সিং ধীমান। দলৰ নেতা-কর্মীসকলৰ সৈতে বহু সময় কথা পাতে পঞ্জাব প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতিগৰাকীয়ে। তাৰ মাজতেই খবৰ আহে, সিদ্ধুৰ অধিবক্তাই আত্মসমর্পণৰ বাবে সময় বিচাৰি ছুপ্রিম কোর্টত আবেদন জনাইছে।