![]()
ছমাহমান তীব্র বিষত কষ্ট পাইছিল হায়দৰাবাদৰ নালগোণ্ডাৰ বাসিন্দা বীৰমল্ল ৰামলক্ষ্ময়াই। অৱশেষত ‘আল্ট্রা ছাউণ্ড’ পৰীক্ষা কৰাত জনা যায়, কিডনিত পাথৰ হৈছে ৫৬ বছৰীয়া ব্যক্তিজনৰ। এখন ব্যক্তিগত হস্পিটেলত ভর্তি হোৱাত অস্ত্রোপচাৰৰ সিদ্ধান্ত লয় চিকিৎসকে। অস্ত্রোপচাৰ কৰি ব্যক্তিজনৰ কিডনিৰ পৰা উলিওৱা হয় ২০৬টা পাথৰ!
চিকিৎসকে জনোৱা মতে, আৰম্ভণিতে পিঠিত বিষ আৰম্ভ হোৱাৰ পিছত স্থানীয় এজন চিকিৎসকৰ পৰামর্শ মতে ঔষধ খাইছিল বীৰমল্লই। কিন্তু বিষ নকমাত হায়দৰাবাদৰ এখন ব্যক্তিগত হস্পিটেললৈ আহিবলৈ বাধ্য হয় তেওঁ। তাতেই প্রাথমিক পৰীক্ষাত বাঁও কিডনিত তেওঁৰ পাথৰ ধৰা পৰে। তাৰ পিছত বিশেষজ্ঞ চিকিৎসকে সিদ্ধান্ত লয় ‘কী হ’ল ছার্জাৰী’ কৰাৰ। এই পদ্ধতিত অতি ক্ষুদ্ৰ এটি ছিদ্রৰ জৰিয়তে অস্ত্রোপচাৰ কৰে শল্য চিকিৎসকসকলে। অৱশেষত এক ঘণ্টাৰ প্রচেষ্টাত ২০৬টা পাথৰ উলিয়ায় চিকিৎসকে। সম্প্ৰতি সুস্থ আছে ৰোগী।











