ASSAM TIMES POST
নতুন দিল্লীঃ বিতৰ্কিত হিন্দুত্ববাদী নেতা কমলেশ তিৱাৰীক শুকুৰবাৰে উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত গুজৰাট আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে যুটীয়াভাৱে দুজন মৌলবী আৰু আন তিনি লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে তিৱাৰীৰ লক্ষ্ণৌস্থিত কাৰ্যালয় কক্ষত দুৰ্বৃত্তই তেওঁক হত্যা কৰিছিল। দুৰ্বৃত্তকেইটাই মিঠাইৰ বাকচত পিষ্টল ভৰাই আনিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে। তদুপৰি লক্ষ্ণৌৰ কোনখন মিঠাইৰ দোকানৰপৰা বাকচটো কিনা হৈছিল তাৰো তথ্য আৰক্ষীয়ে লাভ কৰিছে।












