আমেৰিকাত শিশুৰ বাবে দুগ্ধ সংকটক লৈ চিন্তাত বহু পৰিয়াল। সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। প্রায় ৪০ শতাংশ কমি গৈছে পাউডাৰ গাখীৰৰ যোগান। বিগত ফেব্রুৱাৰী মাহত এটি কাৰখানা বন্ধ হৈ যোৱাৰ পিছৰ পৰাই দেখা দিয়ে এই সঙ্কটে।
আমেৰিকাত যিহেতু বহু পিতৃ-মাতৃয়ে নির্ভৰ কৰে পাউডাৰ গাখীৰৰ ওপৰত, সেয়ে এই সঙ্কটত প্ৰায় আতঙ্কৰ সৃষ্টি হৈছে। এই সংকটৰ মাজতেতেওঁলোকৰ কাষত থিয় দিলে এগৰাকী মহিলা। দেশখনৰ এগৰাকী মাতৃয়ে ১১৮ লিটাৰ স্তন্য অৰ্থাৎ স্তন-দুগ্ধ বিক্ৰী কৰিছে।
আলিচা চিট্টি নামৰ উক্ত মহিলাগৰাকীৰ ওচৰত তিনি ফ্রিজাৰ ভর্তি স্তন্য জমা কৰা আছে। তেওঁ জনায়, সাধাৰণ নাৰীৰ তুলনাত তেওঁৰ স্তন-দুগ্ধ অধিক উৎপাদন হয়। সেয়া তেওঁ জমা কৰি ৰাখে। এতিয়া তাকে লৈ অন্যসকলৰ কাষত থিয় দিয়াৰ চেষ্টা কৰিছে আমেৰিকান মাতৃগৰাকীয়ে।
আলিচাই ঠিক কৰিছে, ৩৩ ডলাৰত এক লিটাককৈ গাখীৰ বিক্ৰী কৰিব তেওঁ। কিন্তু আনক সহায় কৰিবৰ বাবে সেই মূল্য কমাবও পাৰে তেওঁ।
তেওঁ লগতে কয়, ‘‘মই জানো বহু শিশুৰ নির্দিষ্ট কোনো ধৰণৰ পাউডাৰ গাখীৰ অবিহনে হজম নহয়। পেট বেয়া হয় সহজতে। উক্ত গাখীৰ যোগান বন্ধ হৈ গ’লে সমস্যা হয়।’’ সেইবোৰ ভাবিয়েই নিজৰ স্তনৰ গাখীৰ বিক্ৰী কৰিবলৈ বৰ্তমান উদ্যোগী তেওঁ।