দেশৰ ১৫ ৰাজ্যত ৫৭খন ৰাজ্যসভা আসনত নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নির্বাচন আয়োগে। অহা ১০ জুনত হ’ব ভোটগ্রহণ। সেই দিনাই হ’ব গণনা। ২৪ মে’ত নির্বাচনৰ বিষয়ে আনুষ্ঠানিক বিজ্ঞপ্তি প্রকাশ কৰিব আয়োগে।
আয়োগে জনাইছে, চলিত বছৰৰ জুনৰ পৰা আগষ্টৰ ভিতৰত যি ৫৭খন আসন খালি হৈছে সেইকেইখনত এই পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। বিদায়ী সাংসদসকলৰ ভিতৰত আছে কেন্দ্রীয় মন্ত্রী নির্মলা সীতাৰমন আৰু কংগ্রেছ নেতা পি চিদম্বৰম।
উত্তৰ প্রদেশৰ ১১ আৰু মহাৰাষ্ট্র আৰু তামিলনাডুৰ ৬খনকৈ খালী হোৱা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি অন্ধ্রপ্রদেশ, তেলেঙ্গানা, মধ্যপ্রদেশ, ছত্তীশগড়, কর্নাটক, ওড়িশা, পঞ্জাব, ৰাজস্থান, হাৰিয়ানা, বিহাৰ আৰু ঝাড়খণ্ডত হ’ব নির্বাচন। উল্লেখ্য, ২৪৫ আসনৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ ‘যাদু সংখ্যা’ ১২৩।
যোৱা মাহত অসম, ত্রিপুৰা আৰু নাগালেণ্ডৰ পৰা এখনকৈ মুঠ তিনিখন আসনৰ উপ-নির্বাচনত জয়ৰ পিছত ৰাজ্যসভাত বিজেপিৰ সাংসদ সংখ্যা হৈছে ১০০। ভাৰতৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত ১৯৯০ৰ পিছত এই প্রথমবাৰ কোনো দলৰ ৰাজ্যসভা সাংসদৰ সংখ্যা ১০০ হৈছে।