ড্ৰাগছ পেডলাৰ বিশ্বজিত কাৰ্দং ওৰফে ৰাজাৰ একাউণ্টাৰ। আজি দিনৰ ১১ বজাত জোনাই আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত পেডলাৰ বিশ্বজিতক জোনাই অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বিগত ২০২০ চনত এবাৰ আৰক্ষী হাতত গ্ৰেপ্তাৰ হৈছিল ৰাজা। আজি পুনৰ বাৰ বিশেষ সূত্ৰৰ পম খেদি জোনাই আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত চলা এক অভিযানত জোনাই বজাৰত ড্ৰাগছ কিনা-বেচা কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পৰে বিশ্বজিত কাৰ্দং ওৰফে ৰাজা।
তেতিয়া আৰক্ষীক আক্ৰমণ চলাই ড্ৰাগছ পেডলাৰ বিশ্বজিত কাৰ্দঙে (ৰাজা) পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে তেওঁৰ ভৰিত গুলীবৰ্ষণ কৰে আৰু পৰৱৰ্তী সময়ত গুলীবিদ্ধ ড্ৰাগছ পেডলাজনক আৰক্ষীয়ে জোনাই অসামৰিক চিকিৎসা লয়ত ভৰ্তি কৰোৱায়।
ড্ৰাগছ পেডলাৰ বিশ্বজিত কাৰ্দঙেৰ পৰা আৰক্ষীয়ে প্ৰায় ৭০ গ্ৰাম ড্ৰাগছ, এখন স্কুটি, কিছু পৰিমানৰ ধন , ডেগাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ জড়িত থকাৰ অভিযোগত জোনাই থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে।