অলিম্পিক জয়ী বক্সা অসম কন্যা লাভলীনা বৰগোঁহাই এইবাৰ উজ্বলিছে আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়ন শ্বিপত।৭০কেজি শাখাত প্রথমখন খেলত অসম কন্যা লাভলীনাই পৰাস্ত কৰিছে চীন টাইপে চেন নিয়েন চিনক।
৩-২ব্যৱধান পৰাস্ত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন গৰাকীক।উল্লেখ্য যে তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত হৈছে খেলখন।তাপৰ্যপূৰ্ণ যে ২০২০ টকি’অ অলিম্পিকতো লাভলীনাই পৰাস্ত কৰিছিল চীন টাইপেক।সোমবাৰে অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ খেলখন।
আনহাতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আন এগৰাকী অসম কন্যা অংকুশিতা বড়োৱে প্ৰথমখন খেলত বাই পাই দ্বিতীয় ৰাউণ্ডলৈ গৈছে।