সাৰা আলী খানৰ এটি ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ ভিডিঅ’টিত অভিনেত্ৰী গৰাকীক ৰাস্তাত ভাৰতী সিঙৰ সৈতে ফুৰ্তি কৰা দেখা গৈছে৷ এই ভিডিঅ’টোত সাৰা আলী খানে ৰাষ্টাৰ লোকসকলক তেওঁৰ সৈতে ফটো বা ছেলফি লৈ তাৰ বিনিময়ত তেওঁক টকা দিবলৈ আহ্বান জনাইছে৷
য’ত এজন ব্যক্তিয়ে তেওঁলোকক ফটো তোলাৰ বাবে ১০০ টকা দিছে আনহাতে আন এজনে তেওঁক এটা গান গোৱাৰ বাবে ৫০০ টকা প্ৰদান কৰিছে।
https://www.instagram.com/tv/CdQAjqVjEvg/?utm_source=ig_web_copy_link
ইয়াৰ লগতে, সাৰা আলী খানে অনুৰাগীসকলক অটোগ্ৰাফ দিয়াও দেখা গৈছে৷ দৰাচলতে, সাৰা আলী খানক ফাৰাহ খানে এক কমেডি শ্ব’ “দ্য খটৰা খটৰা” ত এটা চেলেঞ্জ দিছে৷ এই শ্ব’টো পৰিচালনা কৰা ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াকো সাৰা আলী খানৰ সৈতে ৰাষ্টাত দেখা গৈছে৷
ফাৰাহ খানে সাৰা আলী খানক এটা চেলেঞ্জ দিছে যে তেওঁ ৰাষ্টাত যাব লাগিব আৰু কিছু টকা উপাৰ্জন কৰি আনিব লাগিব৷ সাৰা আলী খানক অলপতে “আত্ৰাংগী ৰে” ছবিখনত দেখা গৈছিল৷ তেওঁ এই ছবিখনত অক্ষয় কুমাৰ আৰু ধনুষৰ সৈতে অভিনয় কৰে ৷