ASSAM TIMES POST
নতুন দিল্লীঃ আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰেই দিল্লীৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে প্ৰডাকচন ৱাৰেন্ট জাৰি কৰে। এই সম্পৰ্কত দিল্লীৰ ৰাউছ এভিনিউ আদালতে তিহাৰ জেল কৰ্তৃপক্ষক বৃহস্পতিবাৰে বিয়লি ৩ বজাত আদালতত চিদাম্বৰমক হাজিৰ কৰাবলৈ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে বুধবাৰে পুৱাৰ ভাগত ইডিৰ এটা ৩ জনীয়া দলে প্ৰায় দুঘন্টা জেৰাৰ অন্তত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে, যোৱা ২১ আগষ্টৰপৰা চিদাম্বৰম ন্যায়িক জিম্মাত আছে।










