![]()
প্ৰয়াত বলীউড অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ আজি ২ টা বছৰ সম্পূৰ্ণ হ’ল। অভিনেতাগৰাকীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত তেখেতৰ প্ৰতিগৰাকী অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ লগতে, আজিৰ এই দিনটোত অভিনেতাগৰাকীৰ পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ আৰু প্ৰিয়জনে তেওঁৰ অনুপস্থিতিত শোক ব্যক্ত কৰিছে।
একে সময়তে, এতিয়া কাপুৰ পৰিয়ালৰ নতুন বোৱাৰী আলিয়া ভাটে শহুৰ দেউতাক অৰ্থাৎ ঋষি কাপুৰক এক বিশেষ ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
আলিয়া ভাটে তেওঁৰ শহুৰেকক স্মৰণ কৰি ইনষ্টাগ্ৰাম ষ্টৰীত এখন থ্ৰোবেক ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক ৰণবীৰ কাপুৰ, নীতু কাপুৰ আৰু প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ সৈতে দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখে যে, “সদায় আৰু চিৰদিন।”
শেহতীয়াকৈ, নীতু কাপুৰে তেওঁৰ স্বামী ঋষি কাপুৰক “ডান্স দিৱানে জুনিয়ৰ” অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত আৱেগিক হৈ পৰিছিল।
নীতু কাপুৰে তেওঁৰ অনুভূতি ব্যক্ত কৰি কয় যে, “ঋষিজী আজি ইয়াত নাই, কিন্তু মই প্ৰতিদিনে এনে এজনক লগ পাওঁ যিয়ে মোক তেওঁৰ কথা মনত পেলাই দিয়ে। সকলোৰে তেওঁৰ সৈতে সম্পৰ্কিত এটা কাহিনী আছে, তেওঁ সদায় মোৰ সৈতে থাকে।”













