“ভুল ভুলেইয়া ২” ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত, কাৰ্তিক আৰিয়নে অক্ষয় কুমাৰ আৰু “ভুল ভুলেইয়া ১”ক বহুল প্ৰশংসা কৰিছে।
পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি, কাৰ্তিক আৰিয়নে অনুষ্ঠানটোত কয় যে , “মই এই ছবিখন তুলনা কৰিব নোৱাৰো কাৰণ ই এটা ডাঙৰ দায়িত্ব। মই ভুল ভুলেইয়া ১ ৰ অক্ষয় কুমাৰৰ চৰিত্ৰটো ভাল পাইছিলোঁ আৰু মই তেওঁক চাই ডাঙৰ হৈছোঁ।
ছবিখনৰ তুলনা নকৰাই ভাল হ’ব, আমি ইয়াক আমাৰ নিজৰ ধৰণে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখন এখন নতুন ছবি, ইয়াত বহুতো নতুন তথ্য আছে। মই আশা কৰিছোঁ দৰ্শকে ইয়াক তেওঁলোকৰ নিজৰ শৈলীত ভাল পাব আৰু তুলনা কৰিব। কিন্তু মই বিচাৰো যে, “ভুল ভুলেইয়া ২” ক এখন নতুন ছবি হিচাবে স্মৰণ কৰা হ’ব।”
উল্লেখ্য যে, এই ছবিখনৰ প্ৰথম সংস্কৰণটো ২০০৭ চনত মুক্তি লাভ কৰিছিল। ইয়াত অক্ষয় কুমাৰ, বিদ্যা বালান, পৰেশ ৰাৱাল আৰু ৰাজপাল যাদৱে অভিনয় কৰিছিল।