ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় সেনাৰ ক্ৰমবৰ্ধমান শক্তিৰ কথা ক’বলৈ গৈ মঙলবাৰে সেনা প্ৰধান বিপিন ৰাৱটে কয় যে পৰৱৰ্তী যুদ্ধখনত ভাৰতে দেশতে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধ কৰি জয়লাভ কৰিব পাৰিব। নতুন দিল্লীত অনুষ্ঠিত ডিআৰডিঅ’ সঞ্চালক মণ্ডলীৰ বৈঠকত ভাগ লৈয়ে তেওঁ এই কথা কয়। তেওঁ কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো ভাৰত আছিল বৃহত পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আমদানি কৰা দেশ। এইটো গৌৰৱৰ কথা নহয়। কিন্তু শেহতীয়া বছৰসমূহত এই কথাটো সলনি হৈছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সু পদক্ষেপৰ বাবেই সম্প্ৰতি দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো অস্ত্ৰ-শস্ত্ৰ দেশতেই প্ৰস্তুত কৰা হয় বুলি তেওঁ কয়।










