ASSAM TIMES POST
নতুন দিল্লীঃ চলিত বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে অভিজিত বেনাৰ্জী, এষ্টাৰ ডাফল’ আৰু মাইকেল ক্ৰেমাৰলৈ। দৰিদ্ৰতা নিমূলৰ বাবে তিনিও উদ্ভাৱন কৰি উলিওৱা তত্ত্বৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে।
উল্লেখযোগ্য যে অভিজিত বেনাৰ্জী হৈছে ভাৰতীয়-মূলৰ অৰ্থনীতিবিদ। তদুপৰি তেওঁৰ পত্নীয়েই হ’ল এষ্টাৰ ডাফল’। সম্প্ৰতি দুয়ো আমেৰিকাৰ কেমব্ৰিজস্থিত এমআইটিত কৰ্মৰত। ইফালে মাইকেল ক্ৰেমাৰ বৰ্তমান হাভাৰ্ডত কৰ্মৰত। মন কৰিবলগীয়া কথাটো হ’ল যে এষ্টাৰ ডাফল’ হ’ল অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা সৰ্ব কনিষ্ঠ অৰ্থনীতিবিদ।
১৯৬১ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত কলকাতাত জন্মগ্ৰহণ কৰিছিল অভিজিত বেনাৰ্জীয়ে। ৫৮ বছৰ বয়সীয়া বেনাৰ্জীয়ে স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল কলকাতাতে। ১৯৮৩ চনত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সাং কৰা বেনাৰ্জীয়ে ১৯৮৮ চনত হাভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।










