সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বলীউডৰ অন্যতম প্ৰিয় প্ৰেমিক যুগল। অনুৰাগীসকলে তেওঁলোকক একেলগে দেখি প্ৰায়ে সুখী অনুভৱ কৰে, কিন্তু এতিয়া তেওঁলোকৰ সৈতে জড়িত এটা বেয়া খবৰ আহিছে। তেওঁলোকৰ সম্পৰ্কত ফাট মেলা বুলি বিভিন্ন জনে ইতিমধ্যে মন্তব্য কৰিছে, দুয়োজনে ইজনে সিজনৰ পৰা নিজকে আঁতৰাই ৰাখিছে।
Lellywoodlife.com ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, দুয়োৰে প্ৰেম বিচ্ছেদ হৈছে। প্ৰেমিক যুগলে ইজনে আনজনক লগ কৰা বন্ধ কৰিছে আৰু তেওঁলোক দুয়োৰে মাজত আগৰ দৰে কোনোধৰণৰ সম্পৰ্ক নাই। অৱশ্যে, ইয়াৰ আঁৰৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
এক সূত্ৰই জানিবলৈ দিয়া মতে, অনুৰাগীসকলে সিদ্ধাৰ্থ আৰু কিয়াৰা সোনকালে বিবাহপাশত আৱদ্ধ হ’ব বুলি আশা কৰিছিল যদিও এতিয়া সেই আশা যেন সফলকাম নহয়। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ মাজত খুব ভাল সম্পৰ্ক আছিল, এটা সময় আছিল যেতিয়া সকলোৱে ভাবিছিল যে তেওঁলোক অৱশেষত বিবাহ পাশত আৱদ্ধ হ’ব।