বিবাহ বন্ধনত আবদ্ধ হোৱাৰ পূৰ্বে সঙ্গীৰ সৈতে ভালদৰে পৰিচিত হোৱাৰ বাবে লিভ-ইন সম্পর্কত বহুতেই থাকে। কোনো কোনোৱে কেইবছৰমান লিভ-ইন সম্পর্কত থকাৰ পিছত বিয়াৰ পৰিকল্পনা আৰম্ভ কৰে। কিছু ক্ষেত্রত আকৌ লিভ-ইনৰ পিছত সম্পর্ক ভাঙিও যায়।
স্বাভাবিকভাবেই লিভ-ইন সম্পর্কত থকাৰ সময়ত যৌন সম্পৰ্কও স্থাপন কৰে অধিকাংশই। ভাৰতত লিভ-ইন সম্পর্ক বা বিবাহ অবিহনে একেলগে বসবাসৰ অনুমতি আছে। আৰু ইয়াৰ পৰাই সমাজত জন্ম লৈছে যৌন অপৰাধ!
ধর্ষণৰ অভিযোগৰ ভিত্তিত এই মন্তব্য কৰিছে মধ্যপ্রদেশ হাইকোৰ্টে। ন্যায়াধীশ সুবোধ অভ্যঙ্কৰে এগৰাকী মহিলাক ধর্ষণৰ অভিযোগত ২৫ বছৰীয়া এজন যুৱকৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰি এই মন্তব্য কৰে। তেওঁৰ বক্তব্য, লিভ টুগেদাৰৰ কাৰণে সমাজত যৌন অপৰাধ বৃদ্ধি পাইছে। ভাৰতীয় সংস্কৃতিৰ অৱমাননা কৰি অশ্লীল আচৰণ প্রচাৰ কৰে আৰু যৌন অপৰাধৰ জন্ম দিয়ে এই ধৰণৰ সম্পর্কই।
সূত্রৰ খবৰ মতে, মহিলাগৰাকী তেওঁৰ প্রেমিকৰ সৈতে লিভ-ইন সম্পর্কত আছিল। দুবাৰ তেওঁ গর্ভৱতী হৈছিল। কিন্তু প্রেমিকৰ হেঁচাত ভ্রূণ নষ্ট কৰিবলৈ বাধ্য হয় তেওঁ। ইয়াৰ পিছতেই সম্পর্ক ভংগ কৰি অন্য এজনৰ সৈতে বাগদান কৰে মহিলাগৰাকীয়ে। তাৰ পিছতেই মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে যুৱকজনে।
আনকি হ’বলগীয়া স্বামীগৃহলৈও মহিলাগৰাকীৰ সৈতে ঘনিষ্ঠ মুহূর্তৰ ভিডিও পঠাই আত্মহত্যাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতেই বিয়া ভাঙি যায় মহিলাগৰাকীৰ। যুৱকজনৰ বিৰুদ্ধে অভিযোগ তুলি গোচৰ তৰে মহিলাগৰাকীয়ে।