![]()
দেশত পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে কোভিড আক্রান্তৰ সংখ্যা। লগে লগে প্রশ্ন উঠিবলৈ আৰম্ভ কৰিছে চতুর্থ ঢৌ আসন্ন নেকি বুলিও। বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে, বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্ত হৈছে ২,০৬৭ জন।
মঙ্গলবাৰে আক্রান্তৰ সংখ্যা আছিল ১,২৪৭ জন। ইয়াৰ ভিতৰত দিল্লীতেই আক্রান্ত ৬৩২ জন। ২৪ ঘণ্টাত প্রায় ৬৬ শতাংশ বাঢ়িল কৰোনা ৰোগীৰ সংখ্যা। ফলত পজিটিভিটি ৰেট একে কোবে বৃদ্ধি হৈ হৈছে ০.৪৯ শতাংশ।
সকলো মিলাই দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা বাঢ়ি হৈছে ১২ হাজাৰ ৩৪০। উদ্বেগ বাঢ়িছে মৃত্যুৰ সংখ্যা বৃদ্ধিতো। বুধবাৰে কৰোনা আক্রান্ত হৈ দেশত ৪০ জনৰ মৃত্যু হৈছে। মঙ্গলবাৰে মৃত্যু হৈছিল মাত্র এজনৰ। বিগত এটা দিনত সুস্থ হৈছে ১,৫৪৭ জন।
দিল্লীত এটা দিনত কৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে প্রায় ২৬ শতাংশ। উদ্বেগ বাঢ়িছে কেৰালাক লৈও। কেৰালাতো দৈনিক আক্রান্তৰ সংখ্যা পাঁচশ স্পৰ্শ কৰো কৰো। ৰাজ্যখনত এটা দিনত ৪৮৮ জন আক্রান্ত হৈছে। মৃত্যু হোৱা ৪০ জনৰ ভিতৰত কেৰালাৰেই ৩৪ জন।











