ASSAM TIMES POST
নতুন দিল্লীঃ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰে অআনুষ্ঠানিক বৈঠকত ভাগ লোৱাৰ সকামত যোৱা শুকুৰবাৰ আৰু শনিবাৰে চেন্নাইত আছিল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী।
ইয়াৰ মাজতে শনিবাৰে পুৱাই প্ৰধান মন্ত্ৰীজনে মামাল্লাপুৰমৰ সমুদ্ৰ তীৰ পৰিষ্কাৰ কৰিছিল। সেই সময়ত তেওঁৰ এখন হাতত এডাল চুটি চুঙাৰ নিচিনা দণ্ড আছিল।
কিন্তু কোনেও এইডাল প্ৰকৃততে কি, তাৰ ৰহস্য ভেদ কৰিব পৰা নাছিল। সকলোৱে ইয়াকে লৈ কৌতূহলী হৈ থকা সময়তে দেওবাৰে প্ৰধান মন্ত্ৰীজনে নিজে ইয়াৰ ৰহস্য ভেদ কৰে।
তেওঁ লোৱা এই দণ্ডডাল আছিল একুপাংকচাৰ ৰুলাৰ। ই এটা চীন দেশীয় কৌশলৰ সামগ্ৰী, যাক নেকি হাতেৰে পিটিকি থাকিলে দেহত তেজৰ চলাচল সুচল হয় আৰু শক্তি বজাই ৰাখে। সেয়ে মাজে-মাজে এইডাল ব্যৱহাৰ কৰি আহিছে বুলি মোডীয়ে কয়।










