ASSAM TIMES POST
গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰত দুৰ্যোগ চলি আছে বুলি সকলোৱে কৈ থকা কথাষাৰ নোহোৱা হোৱাৰ উপক্ৰম হৈছে। শুকুৰবাৰে মুক্তিপ্ৰাপ্ত ৰত্নাকৰে যেন তাৰেই উমান দিলে।
জনপ্ৰিয় গায়ক জুবিন গাৰ্গ পৰিচালিত ছবি কাঞ্চনজংঘাৰ অপাৰ সফলতাই কেইবাখনো হিন্দী ছবিৰ (অসমৰ প্ৰেক্ষাপটত) ব্যৱসায়িক অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু সেই কাঞ্চনজংঘাৰ অভিলেখৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰিছে আন এখন অসমীয়া চলচ্চিত্ৰ। জনপ্ৰিয় অভিনেতা যতীন বৰা পৰিচালিত ৰত্নাকৰে শুকুৰবাৰে মুক্তিৰ দিনাই ৪১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে কাঞ্চনজংঘাৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ৪০ লাখ টকা।
জানিবপৰামতে দেওবাৰলৈকে ৰাজ্যৰ প্ৰায়বোৰ ছবিগৃহত ৰত্নাকৰৰ দৰ্শনীৰ টিকটৰ বুকিং শেষ হৈ পৰিছে। উল্লেখ্য যে ৰাজ্যৰ ৫৯ টা ছবিগৃহত মুক্তি দিয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বাহিৰৰ ১১ টা ছবিগৃহত মুক্তি দিয়া হৈছে ৰত্নাকৰ। এইদৰে এখন অসমীয়া ছবিৰ অভিলেখ আন এখন অসমীয়া ছবিয়ে ভংগ কৰাৰ উপক্ৰম হোৱাৰ ঘটনা সম্প্ৰতি ইতিবাচক কথা হিচাপে পৰিগণিত হৈছে।